অসম

assam

Murder in Guwahati: শিলেৰে খুন্দিয়াই ই-ৰিক্সা চালকক হত্যা মহানগৰীত

By

Published : Feb 19, 2023, 12:56 PM IST

মহানগৰীত ই-ৰিক্সা চালকক হত্যা

গুৱাহাটী,১৯ ফেব্ৰুৱাৰী:মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Brutal murder in Guwahati) । ৰাজ্যজুৰি উলহ-মালহেৰে শিৱৰাত্ৰি উদযাপন কৰি থকাৰ সময়তে নিশা মহানগৰীৰ ওদালবাক্ৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Body recovered at Udalbakra) । ই-ৰিক্সা আৰু টেম্পু চালকৰ সাধাৰণ মাৰপিটে ল'লে ভয়ংকৰ পৰিণতি । সংঘাতৰ ফলতেই প্ৰাণ গ’ল ই-ৰিক্সা চালকজনৰ ৷

জানিবপৰা মতে, এটা সাধাৰণ কথাত দুয়োজন চালকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৱৰ্তী সময়ত সেই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে । টেম্পু চালকজনে শিলেৰে আক্ৰমণ কৰাত থিতাতে নিহত হয় ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন (E-rickshaw driver killed in Guwahati) । ঘটনা সংক্ৰান্তত নিশায়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে টেম্পু চালক নৱ ৰয়ক । ইফালে ই-ৰিক্সা চালকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত ফটাশিল আমবাৰী আৰক্ষীয়ে তদন্ত বৰ্তমানেও অব্যাহত ৰাখিছে । কিন্তু বৰ্তমানলৈ জানিব পৰা নাই কাজিয়াৰ প্ৰকৃত কাৰণ । 

মহানগৰীত অপৰাধ ৰোধ তথা অপৰাধীক দমনৰ বাবে প্ৰতিটো মুহূৰ্ততে তৎপৰ হৈ থাকিলেও কৰবাত যেন ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী । যাৰ ফলত অপৰাধীৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী মহানগৰী । মহানগৰীত সঘনাই সংঘটিত হৈ আহিছে হিংসা, হত্যা, ধৰ্ষণ, অপহৰণ, ডকাইতিকে ধৰি অপৰাধমূলক ঘটনা । শেহতীয়াকৈ পোহৰলৈ অহা বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাৰ ঘটনাও আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সংঘটিত হোৱা বুলি বিশ্বজিৎ হাজৰিকাৰ পৰিয়ালৰ লোকে অভিযোগ আনিছিল । 

উল্লেখ্য যে, বিগত বৰ্ষত মহানগৰীত ১০২৩৪ টা গোচৰ ৰুজু হৈছিল । এই গোচৰ সমূহৰ ভিতৰত বিগত বৰ্ষত মহানগৰীত বিশেষকৈ ৭২ টা হত্যাকাণ্ড, ডকাইতি কাণ্ড ২২২ টা, ধৰ্ষণ ৬২ টা, ২৮০৭ টা চুৰিকাণ্ড, ১৩৫২ টা ঠগ প্ৰৱঞ্চনা, ১১ টা যৌতুকজনিত ঘটনা, ৩০৮ টা মহিলা অপহৰণৰ ঘটনা , ৭২ টা অপহৰণৰ ঘটনা আছে ৷ ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ২৯৮৯ টা ঘটনা সংঘটিত হোৱাৰ লগতে বিভিন্ন ঘটনাৰ বিৰুদ্ধে মহানগৰীৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে । 

লগতে পঢ়ক:Bhupen borah vs Piyush Hazarika: সমুখ সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্রী পীয়ূষ হাজৰিকা

ABOUT THE AUTHOR

...view details