ETV Bharat / state

Bhupen borah vs Piyush Hazarika: সমুখ সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্রী পীয়ূষ হাজৰিকা

author img

By

Published : Feb 18, 2023, 10:32 PM IST

কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, বৰপেটা আৰু নগাঁও সমষ্টি দখলৰ বাবে বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰাৰ সময়তে কংগ্ৰেছে দহখন আসন দখল কৰিব বুলি দাবী কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Borah)। মন্ত্রী পীয়ূষ হাজৰীকাৰ মতে কোনো কালেই মন্ত্ৰী হ'ব নোৱাৰিব ভূপেন বৰা ৷

Bhupen borah vs Piyush Hazarika
সমুখ সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্রী পীয়ূষ হাজৰিকা

গুৱাহাটী, 18 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনলৈ মাজত প্ৰায় এবছৰ সময় বাকী আছে যদিও শাসক-বিৰোধীৰ জল্পনা-কল্পনা ইতিমধ্যেই আৰম্ভ হৈছে । উল্লেখ্য যে, কংগ্ৰেছৰ দখলত থকা তিনিটা সমষ্টি উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰি সেই মতে আগুৱাই গৈছে শাসকীয় দল বিজেপি (Lok Sabha election 2024) । কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, বৰপেটা আৰু নগাঁও সমষ্টি দখলৰ বাবে বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰাৰ বিপৰীতে কংগ্ৰেছে এইবাৰ দহখন আসন দখল কৰিব বুলি সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC preparation for Lok Sabha Election) ।

উল্লেখ্য যে, বিজেপিয়ে ব্যাপক সাংগঠনিক তৎপৰতাৰে কলিয়াবৰ, নগাঁও, বৰপেটা সমষ্টি দখলৰ চেষ্টা অব্যাহত ৰাখিছে । এই তিনি সমষ্টিত লোকসভা প্ৰৱাসৰ বাবে ফাকুৱাৰ পাচত আৰু ব’হাগ বিহুৰ আগে আগে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । এই তিনি সমষ্টি কংগ্ৰেছৰ পৰা আজুৰি আনিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাষ্ট্ৰীয় নেতাই তিনিওটা সমষ্টিত লোকসভা প্ৰৱাস কৰিব বুলি মন্তব্য কৰিছে (Assam Congress BJP conflict)।

কিন্তু ভৱেশ কলিতাৰ এই মন্তব্যৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী যে কংগ্ৰেছৰ হাততে থাকিব কলিয়াবৰ, নগাঁও আৰু বৰপেটা । ইয়াৰ উপৰি ধুবুৰী, ডিব্ৰুগড় আৰু গুৱাহাটীতো কংগ্ৰেছৰ জয় হ'ব বুলি তেওঁ দাবী কৰিছে । তেওঁৰ মতে অসমত কংগ্ৰেছে লাভ কৰিব 10 খন আসন । তেওঁৰ দৃঢ় বিশ্বাস যে, ধুবুৰীত কংগ্ৰেছৰ জয় নিশ্চিত (Bhupen Bora on 2024 Lok Sabha election) । তেওঁৰ মতে জে পি নাড্ডা, অমিত শ্বাহ আহি প্ৰৱাসেই কৰক বা আন কিবাই কৰক কোনো লাভ নাই । বিজেপিক জনতাই প্ৰত্যাখ্যান কৰিছে আৰু লোকসভা নিৰ্বাচনত ইয়াৰ ফলাফল ওলাব বুলিও তেওঁ কয় । তেওঁ লগতে কয়, ‘‘আমাৰ গৌৰৱ গগৈৰ দৰে নেতাই সংসদত এতিয়া হেম বৰুৱাৰ দৰে নেতাৰ অভাৱ পুৰাইছে ।’’

লক্ষণীয় বিষয় যে, শেহতীয়াকৈ বিভিন্ন বিষয়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পীয়ূষ হাজৰীকাৰ (Minister Piyush Hazarika) মাজত অব্যাহত আছে বাকযুদ্ধ । পৰস্পৰে পৰস্পৰক কটাক্ষ কৰা নাইবা সমালোচনা কৰাত অলপো কৃপণালি নকৰে । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভূপেন বৰাই কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী পীয়ূষ হাজৰীকাই ।

ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰী পীয়ূষ হাজৰীকাই কয় যে, ভূপেন বৰাই কোন পৃথিৱীত বাস কৰি আছে ? কোনো কালে মন্ত্ৰী হ'ব নোৱাৰিব ভূপেন বৰা । মন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছ অকল সংখ্যালঘু অধ্যুষিত সমষ্টিতহে জয়ী হ'ব পাৰিব (Piyush Hazarika Slams Bhupen borah) ।

ইফালে বিজেপিয়ে লোকসভা নিৰ্বাচনত মিছন 12 প্লাছৰ লক্ষ্য পূৰণ কৰিব বিচাৰে । এই লক্ষ্য পূৰণৰ স্বাৰ্থত গেৰুৱা দলটোৱে বড়ো ভূমিৰ দুই ৰাজনৈতিক চিৰবৈৰী বি পি এফ আৰু ইউ পি পি এলক এক কৰাৰ চেষ্টা চলাইছে । ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

ভূপেন বৰাৰ মতে বিজেপিয়ে বি পি এফ (BPF) আৰু ইউ পি পি এলক (UPPL)ব্যৱহাৰ কৰি আছে । বিজেপিয়ে নিজৰ ইচ্ছামতে নচুৱাই আছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক । দল দুটাৰ কোনো নিজস্বতা নাই । আঞ্চলিকতাবাদী শক্তি দুটাৰ কোনো কাম নোহোৱা কৰি দিছে । তাত এই দলবোৰক গুৰুত্ব নিদিয়ে ৰাইজে । ভূপেন বৰাই সদৰী কৰা অনুসৰি কংগ্ৰেছে কোকৰাঝাৰত দিব বড়ো প্ৰাৰ্থী আৰু কংগ্ৰেছে দখল কৰিব কোকৰাঝাৰ । আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব সেয়া সময়েহে ক'ব যদিও বৰ্ত্তমান সময়ত শাসক-বিৰোধীৰ মাজত অব্যাহত আছে বাদানুবাদ ।

লগতে পঢ়ক: Ranjit Bora Murder Case: হত্যাকাৰী শ্বাহ আলমক গুলীওৱাৰ কাৰণ জনালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.