অসম

assam

আগৰতলাত 250 কেজি গাঞ্জা জব্দ, এজনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 8:08 AM IST

আগৰতলাত 250 কেজি গাঞ্জা জব্দ, এজনক গ্ৰেপ্তাৰ

আগৰতলা, 27 ডিচেম্বৰ : ত্ৰিপুৰাৰ আগৰতলাত ডেৰ লাখ টকাৰ বিনিময়ত গাঞ্জা সৰবৰাহ কৰিবলৈ নি থকা অৱস্থাত চালকৰ সৈতে এখন গাঞ্জা ভৰ্তি ল’ৰী জব্দ কৰে চুৰাইবাৰী আৰক্ষীয়ে ৷ 

সবিশেষ তথ্য অনুসৰি চুৰাইবাৰী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ দাসে ৰাজ্যৰ বাহিৰলৈ এখন 12 চকীয়া খালী ল’ৰীত গাঞ্জা সৰবৰাহ কৰা হ’ব বুলি গোপন তথ্য লাভ কৰিছিল । তাৰ পিচতে নাকা পইণ্টত আৰক্ষীয়ে অভিযান চলায় ৷ সেই সময়তে ট্ৰাকখন অহাত আৰক্ষীয়ে গাড়ীখন ৰখাই তালাচী চলাওঁতে ল’ৰীখনৰ কেবিনৰ পৰা 110 কেজি গাঞ্জা জব্দ কৰে ৷  

ইয়াৰ পিচতে চালকজনৰ ভাষ্য় অনুসৰি, আন এখন গোপন বাহনৰ পৰা পুনৰ 140 কেজি গাঞ্জা জব্দ কৰে । আৰক্ষীৰ দলটোৱে মুঠতে 740 টা পেকেটত মুঠ 250 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ড্ৰাগছখিনিৰ ক’লা বজাৰ মূল্য 50 লাখ টকাৰো অধিক। 

ঘটনাস্থলীত আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তী, ধৰ্মনগৰ সংমণ্ডল আৰক্ষী বিষয়া দেৱাশীষ সাহা, ডিচিএম সঞ্জীৱ দেৱনাথ উপস্থিত হয় ট্ৰাকখনৰ মালিক তথা চালক সুৰজিৎ ​​মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তটোৰ ঘৰ আগৰতলাৰ নৰসিংহৰ 3 নং ৱাৰ্ডত । ইতিমধ্যে স্থানীয় আৰক্ষী থানাত এই ঘটনাৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত ধৃত চালকজনে কয় যে, ডেৰ লাখ টকাৰ বিনিময়ত এই গাঞ্জাখিনি লংশ্বিলঙলৈ লৈ যোৱা হৈছে ।

লগতে পঢ়ক:মৰাণত ছাত্ৰ সংগঠনৰ সদস্যৰ হাতত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ

ABOUT THE AUTHOR

...view details