ETV Bharat / state

মৰাণত ছাত্ৰ সংগঠনৰ সদস্যৰ হাতত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:51 PM IST

Illegal sand mining at Moran
মৰাণৰ বিভিন্ন স্থানত চলিছে অবৈধ মাটি খনন

Illegal sand mining : মৰাণত বন বিভাগে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে ছাত্ৰ সংগঠনে ৷ মৰাণৰ বিভিন্ন স্থানত চলিছে অবৈধ মাটি খনন ৷ আদিবাসী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ তৎপৰতাত চকলিয়াৰ টেঁটুনবাৰীত মাটি কঢ়িওৱা ডাম্পাৰ জব্দ ৷

মৰাণৰ বিভিন্ন স্থানত চলিছে অবৈধ মাটি খনন

ডিব্ৰুগড়, 26 ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্বহীন কৰি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰত ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙত চলিছে লাখ লাখ টকা কৰ ফাঁকি দি অবৈধ বালি, পলস আৰু মাটি খনন । সচেতন ৰাইজ আৰু দল সংগঠনৰ অভিযোগৰ পাচতো এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাত ব্যৰ্থ ডিব্ৰুগড় জিলাৰ বন বিভাগ ।

বন বিভাগক মেনেজ কৰি মৰাণ সমষ্টিৰ বিভিন্ন স্থানত এতিয়া একাংশ দুষ্ট চক্ৰই মাটিৰ অবৈধ খননত উঠি পৰি লাগিছে । বিশেষকৈ মৰাণ সমষ্টিৰ অন্তৰ্গত চকলিয়া, টেঁটুন বাৰী আদিকে ধৰি বিভিন্ন স্থানত এতিয়া মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত আতীষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ।

মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত আতীষ্ঠ হৈ মঙলবাৰে মৰাণৰ চকলিয়া টেঁটুনবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে কেইবাখনো মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰে ৷ তাৰ পাচত জব্দকৃত বাহনকেইখন আদিবাসী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সদস্যসকলে বন বিভাগক গটাই দিয়ে ।

উল্লেখ্য যে, এতিয়াও মৰাণৰ বিভিন্ন অঞ্চলত অবৈধ মাটি খনন আৰু বহু মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম‍্য অব্যাহত আছে ৷ এনেবোৰ দুষ্ট চক্ৰৰ অবৈধ মাটি খনন আৰু তীব্ৰ গতিত মাটি কঢ়িওৱা ডাম্পাৰক বন বিভাগে কেনেদৰে নাকী লগাব সেয়াহে লক্ষণীয় হ'ব ।

কাৰণ ৰাইজৰ অভিযোগ, প্ৰতিবাদ কৰিলেহে বন বিভাগে অবৈধ কাৰ্যকলাপৰ বিষয়ে গম পায় । অবৈধ কাৰ্যকলাপৰ পৰা বৃহৎ পৰিমাণৰ ধন বন বিভাগৰ বিষয়ালৈ আহে বাবে ডিব্ৰুগড় জিলাত এতিয়া সকলো দেখিও নেদেখা হৈ আছে বন বিভাগ ।

লগতে পঢ়ক : বঞ্চিত-প্ৰতাৰিত চাহ শ্ৰমিকক সান্তনা সাংসদ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.