বঞ্চিত-প্ৰতাৰিত চাহ শ্ৰমিকক সান্তনা সাংসদ গগৈৰ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:22 PM IST

thumbnail

যোৰহাট, 26 ডিচেম্বৰ : মৰিয়নীৰ নাগিনীজান চাহ-বাগিচাত উপস্থিত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ । নাগিনীজান চাহ-বাগিচাত যোৱা দুদিন ধৰি বকেয়া দৰমহা আদায় নিদিয়াক লৈ চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷  অসম চাহ নিগমৰ অধীনৰ মৰিয়নীৰ কেইবাখনো চাহ-বাগিচা শেহতীয়াকৈ জালিংগা টি এণ্ড কোম্পানীক চৰকাৰে লীজত দিয়াৰ পাচৰে পৰা বাগিচাৰ শ্ৰমিকসকলে দৰমহা, চিকিৎসা, ৰেচনকে আদি কৰি সকলো ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে ৷

বিগত মাহৰ পৰা বাগিচাৰ শ্ৰমিকসকলৰ দৰমহা একেবাৰে বন্ধ হৈ যোৱাৰ পাচত বাগিচা কেইখনৰ শ্ৰমিকে দৰমহা আদায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ প্ৰতাৰিত আৰু বঞ্চিত চাহ শ্ৰমিকসকলৰ কাষত সাংসদ গৌৰৱ গগৈ উপস্থিত হয় । উক্ত বিষয়ৰ লগতে চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বাগিচাৰ শ্ৰমিকৰ লগত আলোচনাতো মিলিত হয় আৰু বিৰোধীৰ সাংসদ হিচাপে বিষয়টো সংসদত উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকক ৷ ইয়াৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰাক লৈ আশ্বৰ্য প্ৰকাশ কৰে সাংসদ গগৈয়ে ৷ তাৎপৰ্যপূৰ্ণ যে, যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ পিচত এনেদৰে দিল্লীৰ পৰা পোনে পোনে আহি সমষ্টিটোত দেখুওৱা তৎপৰতা উল্লেখনীয় বুলি মত প্ৰকাশ কৰিছে একাংশই ৷

লগতে পঢ়ক : প্ৰথম টীয়ক গ্ৰন্থমেলাৰ শেষৰ দিনাৰ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.