অসম

assam

Ganesh Chaturthi Special: উৎসৱৰ সময়ত সোৱাদ লওক এই ৫ বিধ খাদ্য সামগ্ৰীৰ

By

Published : Sep 2, 2022, 3:05 PM IST

বুধবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে গণেশ উৎসৱ ৷ ১০ দিনীয়াকৈ উদযাপন কৰা হয় এই উৎসৱ । ৯ ছেপ্টেম্বৰত গণেশৰ মূৰ্তিৰ চূড়ান্ত বিসৰ্জনেৰে অন্ত পৰিব এই উৎসৱ(Ganesh Chaturthi Special) । মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, গুজৰাটকে ধৰি অন্যান্য ৰাজ্যসমূহতো এই উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয় । আহক গণেশ চতুৰ্থী উপলক্ষে এনে কিছুমান খাদ্য এনে কেইবিধ ভোগৰ বিষয়ে কওঁ যিবোৰ আপুনি ভগৱান গণেশক আগবঢ়াব পাৰে আৰু বজাৰতো এই খাদ্যসামগ্ৰীসমূহৰ চাহিদা খুবেই বেছি ৷

Ganesh Chaturthi Special: 5 food items to relish during festivities
উৎসৱৰ সময়ত সোৱাদ লওক এই ৫ বিধ খাদ্য সামগ্ৰীৰ

বুধবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে গণেশ উৎসৱ ৷ ১০ দিনীয়াকৈ উদযাপন কৰা হয় এই উৎসৱ । ৯ ছেপ্টেম্বৰত গণেশৰ মূৰ্তিৰ বিসৰ্জনেৰ সৈতে অন্ত পৰিব এই উৎসৱৰ । মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, গুজৰাটকে ধৰি অন্যান্য ৰাজ্যসমূহতো এই উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়(Ganesh Chaturthi Special) । আহক গণেশ চতুৰ্থী উপলক্ষে এনে কিছুমান খাদ্য এনে কেইবিধ ভোগৰ বিষয়ে কওঁ যিবোৰ আপুনি ভগৱান গণেশক আগবঢ়াব পাৰে আৰু বজাৰতো এই খাদ্যসামগ্ৰীসমূহৰ চাহিদা খুবেই বেছি(5 food items to relish during festivities) ৷

  • মোদক (Modak): মোদক বা মিঠা ডাম্পলিংক গণপতিৰ প্ৰিয় খাদ্য বুলি গণ্য কৰা হয়, গণেশ চতুৰ্থীৰ সময়ত এই মিঠাইবিধ ঘৰে ঘৰে উপলব্ধ হয় ৷ সাধাৰণতে ভক্তসকলে উৎসৱৰ প্ৰথম দিনাই ভগৱান গণেশক মোদকৰ ভোগ আগবঢ়ায় । চাউলৰ গুৰি, ময়দা বা ঘেঁহুৰ আটাৰে তৈয়াৰ কৰা হয় এইবিধ প্ৰসাদ আৰু ইয়াক ডিপ ফ্ৰাই বা ভাপত দি তৈয়াৰ কৰা হয় । নাৰিকল, ড্ৰাই ফ্ৰুইটছ বা গুৰেৰে ষ্টাফিং কৰা হয় ।
  • শ্বীৰা(Sheera): শ্বীৰা হৈছে চেমোলিনা বা চুজি, ইয়াত প্ৰচুৰ পৰিমাণে ড্ৰাই ফ্ৰুইটছ আৰু ঘিউৰ পৰা তৈয়াৰ কৰা হয় আৰু ই হৈছে এবিধ পৰম্পৰাগত খাদ্য ৷ গণেশ চতুৰ্থী উপলক্ষে বহুতে পৰম্পৰাগত শ্বীৰাত কল দি প্ৰসাদ হিচাপে ভগৱান গণেশক পৰিবেশন কৰে ৷
  • পুৰাণ পলি(Puran Poli):পুৰণ পলি হৈছে আন এবিধ ব্যঞ্জন যিটো মহাৰাষ্ট্ৰীয় সকলে প্ৰায় প্ৰতিটো শুভ অনুষ্ঠানৰ বাবে প্ৰস্তুত কৰি ভাল পায় । এই দহ দিনৰ ভিতৰত এটা দিনত বহু মহাৰাষ্ট্ৰীয় পৰিয়ালে ভগৱান গণেশক পুৰাণ পলি আগবঢ়ায় । গণেশ চতুৰ্থীৰ সময়ত ভগৱান গণেশক পৰিবেশন কৰা অন্যতম জনপ্ৰিয় ভোগ মোদকৰ লগতে পুৰণ পলি । পুৰণ পলি হৈছে মিঠা দাইল আৰু গুড়েৰে ষ্টাফিং কৰি ৰুটিৰ আকাৰত প্ৰস্তুত কৰা হয় ।
  • নাৰিকল লাৰু(Coconut Ladoo): গণেশ চতুৰ্থী উপলক্ষে ভোগ হিচাপে আগবঢ়োৱা আন এবিধ পৰম্পৰাগত মিঠা খাদ্য হ’ল নাৰিকলৰ লাৰু ৷ ৰোষ্ট কৰা নাৰিকল, গাখীৰ আৰু condensed milk ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় আৰু ফ্ৰীজত ৰাখি উপভোগ কৰিব পাৰে ৷
  • পায়খ বা পায়াচম(Payasam): দক্ষিণ ভাৰতৰ পৰম্পৰাগত এবিধ মিঠা ব্যঞ্জন হৈছে পায়াচম । একাংশ বুৰঞ্জীবিদৰ মতে পায়াচম হৈছে আটাইতকৈ পুৰণি খাদ্য সামগ্ৰীৰ ভিতৰত অন্যতম । সংস্কৃতত খীৰ বা ক্ষীৰিকা দেৱতাৰ খাদ্য। গণেশ চতুৰ্থীৰ দিনবোৰতো প্ৰতিদিনে পায়াচম প্ৰস্তুত কৰিব পাৰে । ই মূলতঃ গাখীৰৰ সৈতে চাউল, গুড়, নাৰিকল আৰু ইলাচিৰ সৈতে প্ৰস্তুত কৰা হয় ।

ABOUT THE AUTHOR

...view details