অসম

assam

World Diabetes Day 2023: মধুমেহ ৰোগীৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! বিশেষজ্ঞৰ পৰা প্ৰতিৰোধৰ পদ্ধতি জানি লওক

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 12:21 PM IST

খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলীৰ বাবে হৃদৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । ইফালে চিকিৎসকে কৈছে যে ডায়েবেটিছ হৃদৰোগৰো বিপদজনক কাৰক । সেয়ে ইয়াৰ চিকিৎসা সম্পৰ্কে জানো আহক...

Diabetic patients have higher risk of heart attack! Learn the method of prevention from experts
মধুমেহ ৰোগীৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! বিশেষজ্ঞৰ পৰা প্ৰতিৰোধৰ পদ্ধতি জানি লওক

কিছুদিনৰ পৰা মানুহৰ মাজত হৃদৰোগ অধিক বৃদ্ধি পোৱা দেখা গৈছে ৷ বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হৃদযন্ত্ৰৰ সমস্যাৰ ফলত হোৱা মৃত্যুৰ শতাংশ বৃদ্ধি পাইছে ৷ হৃদযন্ত্ৰৰ সৈতে জড়িত যিকোনো সমস্যাৰ পৰা হাত সাৰিবলৈ ইয়াৰ বিভিন্ন ভাগবোৰৰ কাম জনাটো জৰুৰী যাতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ৷ চিকিৎসকে এই সন্দৰ্ভত কয় যে, ডায়েবেটিছ হৈছে এক বিপাকীয় বিকাৰ, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷

উচ্চ ব্লাড গ্লুক’জ আৰু হাইপাৰ ইনচুলিনেমিয়াই হৃদস্পন্দনত যথেষ্ট প্ৰভাৱ পেলাব পাৰে ৷ বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে অধিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ নেশ্যনেল হাৰ্ট ইনষ্টিটিউটৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ সম্ভাৱনা ডায়েবেটিছ নথকা লোকতকৈ যথেষ্ট বেছি ৷

ডায়েবেটিছে হৃদযন্ত্ৰৰ প্ৰতি কেনেদৰে ভাবুকি কঢ়িয়াই আনে ?

চিকিৎসকৰ মতে, যেতিয়া শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা হঠাৎ কমি যায় আৰু বিপদজনক মাত্ৰাত উপনীত হয় তেতিয়া আমাৰ শৰীৰে কেটেকোলামাইন নামৰ হৰম’ন এটা নিৰ্গত কৰে ৷ এই হৰম’নবোৰে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে ৷ একে সময়তে ৰক্ত শৰ্কৰাৰৰ মাত্ৰা বৃদ্ধি হ’লে ইনচুলিন আৰু অন্যান্য হৰম’ন নিৰ্গত হয় যাতে বৃদ্ধি পোৱা মাত্ৰা পুনৰ হ্ৰাস কৰিব পৰা যায়৷

চুগাৰৰ সমস্যা থকা লোকৰ ক্ষেত্ৰত হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে ৰক্ত শৰ্কৰাৰৰ মাত্ৰা বৃদ্ধি হৈ থাকে, যিটো হৃদযন্ত্ৰৰ বাবে বিপজ্জনক হ’ব পাৰে ৷ ইয়াৰ বাবে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু কিডনীৰ সমস্যাও হ’ব পাৰে ৷

কেনেকৈ যত্ন ল’ব লাগে

যিহেতু ডায়েবেটিছ এক দুৰাৰোগ্য ৰোগ, গতিকে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি ৷ সুস্থ জীৱনশৈলীৰ ৰুটিনৰ জৰিয়তেহে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে-

  1. আপোনাৰ ৰুটিনত ব্যায়াম অন্তৰ্ভুক্ত কৰক
  2. যিমান পাৰি খোজ কাঢ়ক
  3. কলেষ্টেৰল আৰু ৰক্তশৰ্কৰা পৰীক্ষা কৰক
  4. মানসিক চাপ কম কৰক আৰু যোগাসন কৰক
  5. সুষম খাদ্য গ্ৰহণ কৰিবলৈ হৃদযন্ত্ৰ বিশেষজ্ঞ খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক

লগতে পঢ়ক:Bone Marrow Transplant : দিল্লীৰ ফৰ্টিছ হাস্পতালত হাড়ৰ মজ্জা সংৰোপণ; ৩ ইৰাকী শিশুক নৱজীৱন প্ৰদান

ABOUT THE AUTHOR

...view details