ETV Bharat / bharat

Bone Marrow Transplant : দিল্লীৰ ফৰ্টিছ হাস্পতালত হাড়ৰ মজ্জা সংৰোপণ; ৩ ইৰাকী শিশুক নৱজীৱন প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:42 PM IST

থেলাচেমিয়া নামৰ আনুবংশিক ৰোগত আক্ৰান্ত এটা ইৰাকী পৰিয়ালৰ তিনিটা সন্তানক ফৰ্টিছ চিকিৎসালয়ে নৱজীৱন প্ৰদান কৰে । এই শিশু তিনিটাৰ অস্থি মজ্জা সংৰোপণ কৰাটো বয়স কম হোৱাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল । কিন্তু চিকিৎসালয়খনৰ চিকিৎসকসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সফলতাৰে অস্থি মজ্জা সংৰোপণ কৰে ।

দিল্লীৰ ফৰ্টিছ হস্পিটেলত হাড়ৰ মজ্জা সংৰোপণ; ৩ ইৰাকী শিশুক নৱজীৱন প্ৰদান
Bone Marrow Transplant

দিল্লীৰ ফৰ্টিছ হাস্পতালৰ সফলতা

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : শেহতীয়াভাৱে ভাৰতত চিকিৎসা সেৱা আৰু চিকিৎসা ব্যৱস্থাই যথেষ্ট উন্নতি লাভ কৰিছে । যাৰ বাবে বহু বিৰল আৰু প্ৰত্যাহ্বানজনক ৰোগৰ চিকিৎসাও এতিয়া ভাৰততে কৰিব পৰা হৈছে । চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এইবাৰ আন এক নতুন মাত্ৰা লাভ কৰিছে ভাৰতে । নতুন দিল্লীৰ ফৰ্টিছ মেম'ৰিয়েল ৰিছাৰ্চ ইনষ্টিটিউটৰ চিকিৎসকসকলে দেশৰ চিকিৎসা খণ্ডলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

তেওঁলোকে থেলাচেমিয়াত ভুগি থকা এটা ইৰাকী পৰিয়ালৰ তিনিটা সন্তানৰ সফল চিকিৎসা কৰিছে । যাৰ ফলত তেওঁলোকে এক নতুন জীৱন লাভ কৰিছে । তিনিওটা শিশু 'থেলাচেমিয়া মেজৰ' নামৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল । শিশুকেইটাৰ বয়স ক্ৰমে ১০, ১৩ আৰু ১৯ বছৰ । তিনিওটা শিশুকে ফৰ্টিছ চিকিৎসালয়ৰ শিশু ৰোগ বিজ্ঞানৰ মুৰব্বী ডাঃ বিকাশ দুয়াৰ নেতৃত্বত চিকিৎসা কৰা হৈছিল ।

ডাঃ বিকাশ কে দুৱাই এই সন্দৰ্ভত কয়, "ৰোগীকেইগৰাকীৰ বয়স অতি কম আছিল আৰু সঘনাই তেজ গ্ৰহণৰ ফলত তেওঁলোকৰ শৰীৰত লোৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল । কিছুমান ঔষধ আৰু অন্যান্য প্ৰক্ৰিয়াৰ জৰিয়তে বহুতো সমস্যা নিয়ন্ত্ৰণ কৰাৰ পিছত আমি সফলতাৰে তেওঁলোকৰ হাড়ৰ মজ্জা প্ৰক্ৰিয়াটো, যাক ষ্টেম কোষ সংৰোপণ বুলিও কোৱা হয় সেয়া সম্পাদন কৰিছিলোঁ ।"

আনহাতে, ফৰ্টিছ চিকিৎসালয়ৰ হেমাটোলজী বিভাগৰ মুখ্য সঞ্চালক তথা মুৰব্বী ডাঃ ৰাহুল ভাৰ্গৱে কয়, "ইৰাকৰ এই তিনিটা শিশুৰ ওপৰত প্ৰয়োজনীয় পৰীক্ষা কৰাৰ পিছত আমি তেওঁলোকক হাড়ৰ মজ্জা সংৰোপণৰ দ্বাৰা চিকিৎসা কৰাৰ সিদ্ধান্ত লৈছিলোঁ । ভাল কথাটো হ'ল যে এই তিনিগৰাকী ভুক্তভোগীৰ আন দুজন ভাতৃৰ পৰা সংৰোপণৰ বাবে হাড়ৰ মজ্জা মিলাই লোৱা হৈছিল আৰু আমি তেওঁলোকৰ তেজৰ ৩০০ মিঃলিঃ লৈ সফল সংৰোপণ প্ৰক্ৰিয়াটো সম্পন্ন কৰিছিলোঁ । চিকিৎসাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সময়ত তিনিওটা শিশুকে ১৪ দিনৰ বাবে চিকিৎসালয়ত ৰখা হৈছিল আৰু অৱশেষত তেওঁলোক সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে আৰু হস্পিটেলৰ পৰা যাবলৈ দিয়া হয় ।"

ডাঃ ভাৰ্গৱে লগতে কয় যে 'থেলাচেমিয়া মেজৰ' হৈছে এক আনুবংশিক ৰক্ত বিকাৰ । অৰ্থাৎ শিশুৰ এই সমস্যাটো তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা আহে । এই ৰোগৰ ভুক্তভোগীসকলৰ শৰীৰত স্বাভাৱিকতকৈ কম হিমোগ্লোবিন থাকে । সেয়েহে ইয়াৰ ভুক্তভোগীসকলে প্ৰতিমাহে তেজ ল'বলগা হয় । কম বয়সতে সঘনাই তেজ লোৱাৰ ফলত হৃদযন্ত্ৰ আৰু যকৃতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে । লগতে ইয়াৰ ফলত শৰীৰৰ অন্যান্য মুখ্য অঙ্গবোৰো প্ৰভাৱিত হ'ব পাৰে ।

উল্লেখ্য যে দিল্লী আৰু গুৰগাঁৱৰ উপৰি ডাঃ ৰাহুল ভাৰ্গৱে ৰক্তৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে নয়ডা, মিৰাটৰ লগতে আহমেদাবাদ, পাটনা, লক্ষ্ণৌ, গোৰখপুৰ, বিকানেৰ, চণ্ডীগড়, লুধিয়ানাৰ দৰে চহৰৰ লগতে কাজাখস্তান, চৌডি আৰব আৰু ইৰাকৰ দৰে দেশলৈও নিৰন্তৰ ভ্ৰমণ কৰে । অৱশ্যে একেটা পৰিয়ালৰ এই তিনিটা ইৰাকী সন্তানৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালে চিকিৎসাৰ বাবে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰো আশ্ৰয় লয় ।

ইয়াৰ পিছত তেওঁলোকে ফৰ্টিছ হাস্পতালৰ হেমাটোলজী বিভাগত এক ভাল বিশেষজ্ঞ চিকিৎসকৰ দল দেখি এই চিকিৎসালয়খনলৈ আহে । তিনিওটা শিশু এই বছৰৰ আগষ্ট মাহত ভাৰতলৈ আহিছিল । আনহাতে, প্ৰয়োজনীয় অনুসন্ধানৰ পিছত তেওঁলোকৰ বাবে চিকিৎসাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হয় । কিছুমান ঔষধ আৰু অন্যান্য পৰীক্ষাৰ পিছত যেতিয়া এইটো নিশ্চিত হৈছিল যে তিনিওটা শিশুকে হাড়ৰ মজ্জা সংৰোপণ কৰিব লাগিব, তেতিয়া তেওঁলোকক অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত মাত্ৰ ২১ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ডাঃ ৰাহুল ভাৰ্গৱে কয় যে অৱশেষত যেতিয়া ডাঃ বিকাশ দুয়াৰ নেতৃত্বত কাম কৰা দলটোৱে এই তিনিটা শিশুৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সন্তুষ্ট হৈছিল, তেতিয়া তেওঁলোককো চলিত মাহত ভাৰতৰ পৰা তেওঁলোকৰ দেশলৈ উভতি যাবলৈ কোৱা হয় ।

উল্লেখ্য যে ডাঃ বিকাশ কে দুৱাৰ মতে, ভাৰতত বিশ্বৰ সৰ্বাধিক সংখ্যক শিশু থেলাচেমিয়া মেজৰত ভুগি আছে । দেশত এই ৰোগীৰ সংখ্যা হৈছে ডেৰ লাখ আৰু প্ৰতিবছৰে প্ৰায় ১০-১৫ হাজাৰ শিশু থেলাচেমিয়া ৰোগ লৈ জন্ম হয় । কিন্তু এতিয়া এই ৰোগৰ চিকিৎসা সম্ভৱ । কেৱল সমস্যাটো ধৰা পৰাৰ লগে লগে ভুক্তভোগীয়ে বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে আৰু সঠিক দিশত চিকিৎসা লাভ কৰিব লাগে ।

লগতে পঢ়ক :OptRoute Mobile App : দেশৰ সামগ্ৰী পৰিবহণত বৈপ্লিৱক পৰিৱৰ্তন; আইআইটি মাদ্ৰাজৰ মোবাইল এপ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.