অসম

assam

World Diabetes Day 2023: ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ আজিয়েই ত্যাগ কৰক এই 7টা অভ্যাস

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:07 PM IST

যেতিয়া পেনক্ৰিয়াচত ইনচুলিনৰ অভাৱ হয়, অৰ্থাৎ পেনক্ৰিয়াচত কম পৰিমাণৰ ইনচুলিন পায়, তেতিয়া তেজত গ্লুক’জৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে । এই অৱস্থাক ডায়েবেটিছ বুলি কোৱা হয় । আমি আমাৰ দৈনন্দিন জীৱনশৈলীৰ কিছুমান অভ্যাসৰ বাবে আমি ডায়েবেটিছত ভুগিবলগীয়া হয় ৷ ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক...

Avoid these 7 habits to prevent diabetes
ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ আজিয়েই ত্যাগ কৰক এই 7টা অভ্যাস

মধুমেহক ডায়েবেটিছ আৰু চুগাৰ বুলিও কোৱা হয় ৷ এইটো এটা অতি বিপজ্জনক ৰোগ ৷ এই ৰোগৰ বিষয়ে মানুহক সজাগ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে ১৪ নৱেম্বৰত সমগ্ৰ বিশ্বতে বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয় ৷ বাৰু, ডায়েবেটিছো জিনীয় আৰু দ্বিতীয়তে, আপোনাৰ বেয়া জীৱনশৈলীৰ বাবে ডায়েবেটিছ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে ৷

মধুমেহ ৰোগীৰ ৰক্তশৰ্কৰা মাত্ৰা স্বাভাৱিকতকৈ বেছি হোৱাটো ভাল নহয় তথা স্বাভাৱিকতকৈও কম হোৱাটোও ভাল নহয় ৷ সময়ে সময়ে স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে ইয়াৰ অৱস্থা জানিব পৰা যায় ৷ হঠাতে শৰ্কৰাৰ মাত্ৰা বৃদ্ধি বা হ্ৰাস, দুয়োটা পৰিস্থিতি ৰোগীৰ বাবে বিপদজনক ৷ এনে কিছুমান অভ্যাসৰ বিষয়ে জানি লওক, যিবোৰ ডায়েবেটিছৰ কাৰণ হ’ব পাৰে ৷

টোপনি

সুস্বাস্থ্যৰ বাবে সঠিক টোপনি গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, ই মানসিক চাপ দূৰ কৰে আৰু মানসিক চাপ আঁতৰাই বহু সমস্যা কমি যায় ৷ ৰাতি ৭ৰ পৰা ৮ ঘণ্টা টোপনি অহাটো অতি প্ৰয়োজনীয় ৷

এলেহুৱা জীৱনশৈলী

যদি আপুনি শাৰীৰিক কাৰ্য-কলাপ একেবাৰে কমকৈ কৰে, তেন্তে বুজিব যে আপুনি বহুতো ৰোগক আমন্ত্ৰণ জনাইছে ৷ আচলতে আমি যি কিবা খাদ্য গ্ৰহণ কৰোঁ তাৰ পিছত আমি কোনো ধৰণৰ কাম নকৰিলে আমাৰ শৰীৰত চৰ্বি হিচাপে জমা হ’বলৈ আৰম্ভ কৰে ৷ যাৰ বাবে মেদবহুলতা বৃদ্ধি পায় ৷ মেদবহুলতাৰ ফলত বহু হৰম’নৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত শৰীৰৰ কাম-কাজত প্ৰভাৱ পৰিব পাৰে ৷

মানসিক চাপ

যিকোনো ধৰণৰ মানসিক চাপ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ মানসিক চাপে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷ বি পি বৃদ্ধিৰ বাবে শৰ্কৰাৰ মাত্ৰাও ওপৰলৈ আৰু তললৈ গৈ থাকে ৷

নিমখ

খাদ্যত অত্যধিক নিমখে বি পি বৃদ্ধি কৰে আৰু ওপৰত উল্লেখ কৰা মতে ৰক্তচাপে শৰ্কৰাৰ মাত্ৰাত প্ৰভাৱ পেলায় ৷

চেনি

খাদ্যত অধিক পৰিমাণে চেনি বা মিঠা বস্তু সেৱন কৰিলে চেনিৰ মাত্ৰা বৃদ্ধি পায়, আমি সকলোৱে এই বিষয়ে অৱগত ৷ যদি আপুনি মিঠা বস্তু ভাল পায় তেন্তে শাৰীৰিক ব্যায়াম কৰক যাতে আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি নহয় ৷

ধূমপান কৰা

ধূমপানে হাওঁফাওঁৰ লগতে হৃদযন্ত্ৰতো প্ৰভাৱ পেলায় ৷ ধূমপানে ইনচুলিনৰ কাম-কাজত প্ৰভাৱ পেলায় ৷

সুৰাপান

সুৰা সেৱন কৰাটোও স্বাস্থ্যৰ বাবে অতি বেয়া ৷ ইয়াৰ বাবে মেদবহুলতাৰ লগতে ৰক্তচাপ আৰু শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাৰ সকলো সম্ভাৱনা থাকে ৷

লগতে পঢ়ক:Detox Juice For Diwali: দীপাৱলীৰ সময়ত অতিৰিক্ত মিঠাই আৰু ব্যঞ্জন খাইছে নেকি ? ওজন বৃদ্ধিৰ পৰা ৰক্ষা কৰিব এই জুইচে

ABOUT THE AUTHOR

...view details