অসম

assam

মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ক্ষেত্ৰত ল’ব পৰা ১০টা ঘৰুৱা উপায়

By

Published : Mar 5, 2021, 12:16 PM IST

চিকিৎসকৰ মতে দাঁতৰ ক্ষেত্ৰত স্বাস্থ্য বিধি নমনাৰ ফলতেই সাধাৰণতে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়। ইয়াৰোপৰি মুখৰ পৰা ওলোৱা দুৰ্গন্ধ কেতিয়াবা অন্য কোনো বেমাৰৰো লক্ষণ হ'ব পাৰে।

10 Amazing Home Remedies To Eliminate Bad Breath
মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ক্ষেত্ৰত ল’ব পৰা ১০টা ঘৰুৱা উপায়

সাধাৰণতে দিনে দুবাৰকৈ দাঁত ঘহা আৰু ফ্লচ্ কৰাটোৱেই সুস্থ দাঁতৰ অধিকাৰী হোৱাৰ মূল উৎস হিচাপে জনা যায়। কিন্তু দেখা যায় যে, দাঁত সমূহ সুৰক্ষিত কৰি ৰাখিবলৈ সকলো স্বাস্থ্য বিধি মানি চলাৰ পিছতো কেতিয়াবা দাঁতৰ বেমাৰ হোৱা দেখা যায় । তদুপৰি জানি থোৱা ভাল যে, মুখৰ দুৰ্গন্ধ কেতিয়াবা আন কিছুমান বেমাৰৰ আগ জানানীও হ'ব পাৰে ।

মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ কাৰণ সমূহ:

চিকিৎসকৰ মতে দাঁতৰ ক্ষেত্ৰত স্বাস্থ্য বিধি নমনাৰ ফলতেই সাধাৰণতে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়। ইয়াৰোপৰি মুখৰ পৰা ওলোৱা দুৰ্গন্ধ কেতিয়াবা অন্য কোনো বেমাৰৰো লক্ষণ হ'ব পাৰে।

যিকোনো খাদ্য দাতত ৰৈ যোৱা:

খাদ্য খোৱাৰ পিছত যদি আমি সঠিক ভাৱে দাঁত কেইটা পৰিষ্কাৰ নকৰোঁ; তেন্তে সেই খাদ্যৰ সামান্য অংশ আমাৰ দাঁত অথবা মুখৰ ভিতৰত ৰৈ যায়। ফলত ইয়ে মুখত দুর্গন্ধৰ সৃষ্টি কৰে । আনহাতে কেতিয়াবা কেঁচা পিয়াজ অথবা নহৰু জাতীয় খাদ্য খোৱাটোও যথেষ্ট সময়ৰ কাৰণে দুৰ্গন্ধৰ আন এক কাৰণ হ'ব পাৰে।

দাঁতৰ অসুখ:

সঠিকভাৱে দাঁত পৰিষ্কাৰ নকৰাৰ ফলতো মুখত দুৰ্গন্ধৰ সৃষ্টি হব পাৰে । দাঁতত খাদ্য ৰৈ গলে, ই কিছু বেক্টেৰিয়া আৰু হাইড্ৰজেন ছালফাইডৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও পায়েৰিয়া অথবা মুখৰ দুর্গন্ধৰ অন্য এক কাৰক হ'ব পাৰে।

শুকান মুখ:

আমাৰ মুখৰ ভিতৰত থকা লেলাওঁতিয়ে মুখ গহ্বৰৰ ভিতৰ ভাগ আদ্ৰ কৰি ৰাখে। লেলাওঁতিৰ পৰিমাণ কেতিয়াবা কমি যোৱাৰ ফলত মুখৰ ভিতৰত সৃষ্টি হোৱা মৃত কোষ সমূহ জিভা, দাঁতৰ ফাঁক আৰু আন আন ঠাইত জমা হয়, যিয়ে মুখত দূর্গন্ধৰ সৃষ্টি কৰে।

গুৰুতৰ বেমাৰ:

হাঁওফাঁওৰ বেমাৰেও মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও হজম শক্তি হীনতা , কৰ্কট ৰোগ আৰু বিপকীয় ৰোগৰ ফলতো মুখত দুৰ্গন্ধৰ সৃষ্টি হব পাৰে । ধূম্ৰপান, ডায়েটিং, পোৱাৰ জলপান সময়ত নোখোৱা আদিৰ ফলতো মুখৰ ভিতৰত বেমাৰ হব পাৰে যিয়ে দুৰ্গন্ধৰ সৃষ্টি কৰে ।

দহটা ঘৰুৱা উপায় যিয়ে মুখৰ দুৰ্গন্ধ নোহোৱা কৰাত সহায় কৰে:

১) গ্ৰীণ টি: গ্ৰীণ টিত থকা এণ্টি বেক্টেৰিয়েল উপাদান সমূহে মুখৰ দূৰ্গন্ধ নোহোৱাত বহুখিনি সহায় কৰে।

২) মূলেথি (likeraice): মুলেথি চুবালে দাঁত সুস্থ আৰু সবল হৈ থাকে আৰু ই মুখৰ দুৰ্গন্ধ আঁতৰোৱাতো সহায় কৰে ।

৩) লং: লঙক দাঁতৰ সুৰক্ষাৰ বাবে যথেষ্ট উপকাৰী বুলি বিবেচনা কৰা হয় ।

৪) পদিনা: পদিনা পানীৰে মুখৰ কোলো কোলো কৰিলে বা পদিনা পাত চুবালেও মুখৰ দুৰ্গন্ধ নোহোৱা হয় ।

৫) মেঠি গুটি:মেঠি গুটি চুবালে ই অকল হজম শক্তিকে বৃদ্ধি কৰে এনে নহয়, বৰঞ্চ ই মুখৰ দুৰ্গন্ধ আঁতৰোৱাত বহুখিনি সহায়ক হয় ।

৬) শুকান ধনিয়া: মেঠি গুটিৰ নিচিনা শুকান ধনিয়াকো বহু ব্যৱহৃত মুখ সুগন্ধি হিচাপে গণ্য কৰা হয়।

৭) তুলসীৰ পাত: দৈনিক তুলসীৰ পাত চুবালেও মুখৰ দুৰ্গন্ধ নাইকিয়া হয়।

৮) নিমখ পানী: নিমখিয়া গৰম পানীৰে মুখ ধোঁৱাৰ ফলত মুখৰ দুৰ্গন্ধ নোহোৱা হয় আৰু ই ডিঙিৰ বিষৰ পৰাও অনেকখিনি সকাহ দিয়ে ।

৯) মধুৰী পাত: আমি সকলোৱে জানো যে, মধুৰী পাতৰ বহু ঔষধি গুণ থাকে । মধুৰী পাত চুবাঁলে মুখৰ দুৰ্গন্ধ নোহোৱা হোৱাৰ লগতে মুখৰ ভিতৰত হোৱা ঘাঁৰো উপসম ঘটায়।

১০) ডালিমৰ বাকলি: ডালিমৰ বাকলি গৰম পানীত উতলাই সেই পানীৰে মুখ ধুলে, মুখৰ দুৰ্গন্ধ নাইকিয়া হয়।

ABOUT THE AUTHOR

...view details