অসম

assam

কৰ'ণা মুক্ত হ'ল ওদালগুৰিৰ দুই কৰ'ণা পজিটিভ ৰোগী

By

Published : Jun 7, 2020, 10:21 PM IST

Updated : Jun 8, 2020, 9:21 AM IST

দেওঁবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জিলা খনৰ প্ৰথম দুজন কোভিড-১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসালয়খনৰ পৰা অব্যাহতি দিয়া হয় । পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ পিছত অব্যাহতি দিয়া হয় ৰোগী দুজনক ।

Two corona patient discharge in udalguri

ওদালগুৰি, ৭ জুন :দেওঁবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জিলা খনৰ প্ৰথম দুজন কোভিড-১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসালয়খনৰ পৰা অব্যাহতি দিয়া হয় । স্বাব পৰীক্ষাত দুবাৰকৈ নিগেটিভ ফলাফল অহাৰ পাছত দুয়োজনকে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে চিকিৎসক কতৃপক্ষই । অব্যাহতি দিয়া ৰোগী দুজন হৈছে মোহন চেত্ৰী আৰু ৰফিক আলি।

কৰ'ণা মুক্ত হ'ল ওদালগুৰি জিলা

জানিব পৰা মতে, সাপেখাইটিৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে ২৬ মে'ত কোভিড- ১৯ ত আক্ৰান্ত বুলি চিনাক্ত হৈছিল যুৱক দুজন । 

আক্ৰান্ত হোৱা ৰোগী দুজন বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ আছিল । বৰ্তমান দুয়োজন কৰ'ণা মুক্ত হোৱাত দেওঁবাৰে চিকিৎসালয় খনৰ পৰা মুকলি কৰি দিয়া হয় ।

কৰ'ণা মুক্ত হ'ল ওদালগুৰি জিলা

যুৱক দুজনক মুকলি কৰা সময়ত ওদালগুৰি জিলাৰ উপায়ুক্তৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়ববীয়া আৰু চিকিৎসা কৰ্মী সকল উপস্থিত থাকি যুৱক দুজনক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে গামোছাৰে সম্বৰ্ধনা জনায় ঘৰতে থাকি চৰকাৰী নীতি-নিয়ম সমূহ মানি চলিবলৈ প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰে । 

লগতে পঢ়ক : কাৰ্বি আংলঙত অস্ত্ৰসহ আটক 4 উগ্ৰপন্থী সদস্য

Last Updated : Jun 8, 2020, 9:21 AM IST

ABOUT THE AUTHOR

...view details