ETV Bharat / state

ৰাজ্যৰ কেইবাখনো জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ আগজাননী - Assam weather forecast

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 2:13 PM IST

Assam Weather forecast : ৰাজ্যৰ কোন ঠাইত কেনে হ’ব আজিৰ দিনটোৰ বতৰ ৷ আজিৰ দিনটোৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰ কিমান হ’ব ৷ ক’ত হ’ব বৰষুণ, জানিবলৈ পঢ়ক...

Assam Weather forecast
ৰাজ্যৰ কেইবাখনো জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ আগজাননী (etv bharat assam)

গুৱাহাটী, ৩ জুন : আগন্তুক ২৪ ঘণ্টাত অসমত বিজুলী-ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা ৷ অৱশ্যে দুই এঠাইত প্ৰৱল (৬৪.৫-১১৫.৫ মিঃমিঃ) বৰষুণ অহাৰ সম্ভাৱনা আছে ৷ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সদৰী কৰে এই তথ্য ৷

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে উজনি আৰু নামনি অসমৰ দুই এঠাইত প্ৰৱল বৰষুণ হৈছিল । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক আছিল । ৰাজ্যখনৰ আজিৰ নুন্যতম সর্বনিম্ন তাপমাত্রা হাফলঙত ২০.০ ডিগ্ৰী ছেলচিয়াছ ৰেকৰ্ড কৰা হৈছে ৷ আনহাতে এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে সৰ্বাধিক সৰ্বোচ্চ তাপমাত্রা গুৱাহাটীত ৩৪.৬ ডিগ্ৰী ছেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল ।

ইপিনে গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী ছেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান ২৪ ডিগ্ৰী ছেলচিয়াছ । ইয়াৰ মাজতে আজি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত অসমৰ জিলাসমূহৰ প্ৰায় সকলো ঠাইত বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দুই এঠাইত প্ৰৱলৰ পৰা অতি প্ৰৱল (৬৪.৫-২০৪.৪ মিঃমিঃ) বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যদ্বাণী অনুসৰি, অহা ৫ জুনৰ পৰা ৬ জুনলৈ ৰাজ্যত সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী ছেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান ২৩ ডিগ্ৰী ছেলচিয়াছ হ'ব ।‌ আকৌ অহা ৭ জুনত সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী ছেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান ২৪ ডিগ্ৰী ছেলচিয়াছ হ'ব । আনহাতে ৮ জুনত গুৱাহাটীত মুষলধাৰ‌ বৰষুণ হ'ব বুলি বতৰ‌ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে ।

লগতে পঢ়ক: ৰেমলৰ পিচতে এইবাৰ আহি আছে মৌচুমী - weather forecast

লগতে পঢ়ক: অভিলেখ ! প্ৰথমবাৰৰ বাবে ৫২ ডিগ্ৰী অতিক্ৰম কৰিলে তাপমাত্ৰাই - Heat Wave in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.