অসম

assam

Jal Jeevan Mission in Assam : ডিগবৈত ২টাকৈ পানী যোগান আঁচনিৰ প্ৰকল্প মুকলি

By

Published : Feb 17, 2023, 1:40 PM IST

ডিগবৈ সমষ্টিৰ অন্তৰ্গত হাপজান পঞ্চায়তৰ ৫ নং ৱাৰ্ডত দুটাকৈ জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Jal Jeevan Mission scheme launched)। স্থানীয় বিধায়ক সুৰেণ ফুকনকে ধৰি প্ৰশাসনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত ।

Jal Jeevan Mission in Assam
ডিগবৈত ২টাকৈ পানী যোগান আঁচনিৰ প্ৰকল্প মুকলি

ডিগবৈত ২টাকৈ পানী যোগান আঁচনিৰ প্ৰকল্প মুকলি

তিনিচুকীয়া, ১৭ ফেব্ৰুৱাৰী :ৰাজ্যৰ প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে ৰাজ্যজুৰি জল জীৱন মিছন আঁচনিৰ সফল ৰূপায়ণৰ বাবে কাম কৰি আছে (Jal Jeevan Mission in Assam)। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২৪ চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যৰে অসমৰ প্ৰতিখন জিলাত জল জীৱন মিছনৰ কাম ৰূপায়ণ কৰি আছে ।

বিভিন্ন জিলাত এই আঁচনি ইতিমধ্যে আৰম্ভ হৈছে । ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও । সমগ্ৰ অসমৰ ভিতৰতে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ কামে সৰ্বাধিক অগ্ৰগতি লাভ কৰিছে । তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ অধীনৰ কেইবাটাও ৱাৰ্ডত ইতিমধ্যে এই আঁচনিৰ কাম সম্পন্ন হৈছে (Jal Jeevan Mission in Tinsukia)।

ডিগবৈ সমষ্টিৰ বিভিন্ন ঠাইত আটকধুনীয়াকৈ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন পানী যোগান আঁচনিৰ প্ৰকল্প । তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত হাপজান পঞ্চায়তৰ ৫ নং ৱাৰ্ডত ১,৭০০ গৰাকী ব্যক্তি আৰু ৩৭২ টা পৰিয়ালৰ বাবে দুটাকৈ জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ ও পেট্ৰলিয়াম, শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Two Jal Jeevan scheme launched in Digboi)।

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল, জিলা বিজেপিৰ সাধাৰণ সম্পাদক ডি চি ৰয়কে ধৰি তিনিচুকীয়া জিলাৰ প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি । জল জীৱন মিছনৰ অধীনত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনক সমষ্টিটোত ক্ষিপ্ৰতাৰে প্ৰতিটো আঁচনি সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে (Water supply scheme launched in Digboi)।

ৰাজ্যৰ ভিতৰতে ডিগবৈ সমষ্টিটো এইক্ষেত্ৰত আগবাঢ়ি আছে বুলিও তেওঁ মন্তব্য কৰে ৷ সমান্তৰালকৈ ডিগবৈ সমষ্টিৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আন্তৰিক সহযোগিতাৰ বাবে বিধায়ক সুৰেণ ফুকনে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমষ্টিটোৰ প্ৰতিটো সমস্যা সমাধানৰ কাৰণে অহৰহ চেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক :Fund release program in Biswanath: বিশ্বনাথত PMAY ৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

ABOUT THE AUTHOR

...view details