ETV Bharat / state

Fund release program in Biswanath: বিশ্বনাথত PMAY ৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

author img

By

Published : Feb 17, 2023, 12:14 PM IST

বৃহস্পতিবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আনুষ্ঠানিকভাৱে পিএমএৱাইৰ হিতাধিকাৰীৰ বাবে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হয় । কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানটোৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিতৰণ কৰা হয় পিএমএৱাইৰ হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন । বিশ্বনাথতো এই আঁচনিখনৰ হিতাধিকাৰীক বিতৰণ কৰা হয় পিএমএৱাইৰ প্ৰথম কিস্তিৰ ধন(Beneficiary wise funds released) ।

Fund release program to PMAY Beneficiaries in Biswanath
বিশ্বনাথত PMAY ৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

বিশ্বনাথ,১৬ ফেব্ৰুৱাৰী: অসমৰ মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত প্রধানমন্ত্রী আবাস যোজনাৰ (গ্ৰামীণ)(Pradhan Mantri Awas Yojana) হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্রথম কিস্তি প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে(Beneficiary wise funds released) । ইয়াৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো হিতাধিকাৰীসকলক প্ৰদান কৰা হয় প্ৰথম কিস্তিৰ ধন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথতো বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়(Fund release program to PMAY Beneficiaries in Biswanath) ।

Fund release program to PMAY Beneficiaries in Biswanath
বিশ্বনাথত PMAY ৰ হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন বিতৰণ

বিশ্বনাথ জিলা পৰিষদৰ অধীনত নিৰ্বাচিত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ পুঁজি প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হয় । বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সন্মিলন কক্ষত দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে প্ৰতিকী ৰূপত ২৬ গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰি পুঁজি প্ৰদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ।

Fund release program to PMAY Beneficiaries in Biswanath
বিশ্বনাথত PMAY ৰ হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন বিতৰণ

উল্লেখ্য যে বিশ্বনাথ জিলা পৰিষদৰ অধীনত নিৰ্বাচিত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ মুঠ ১২,০৫৫ গৰাকী হিতাধিকাৰী উপকৃত হ'ব । বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰিঙীয়া আৰু বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে ।

Fund release program to PMAY Beneficiaries in Biswanath
বিশ্বনাথত PMAY ৰ হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন বিতৰণ

অনুষ্ঠানটোত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্তদ্বয় লিজা তালুকদাৰ আৰু কুলেন শৰ্মা, বিশ্বনাথৰ নিৰ্বাচনী বিষয়া তথা বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ কাৰ্যবাহী বিষয়া দেবাশীষ গোস্বামী, বিশ্বনাথ জিলা পৰিষদৰ উপ সভানেত্ৰী গায়ত্ৰী কুৰ্মীকে আদি কৰি বিষয়ববীয়া আৰু বিষয়াসকল । বিশ্বনাথ জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মৌচুমী কাকতিয়ে আঁত ধৰা এই বিশেষ অনুষ্ঠানটিত হিতাধিকাৰীৰ উপৰিও জিলা পৰিষদ, গাঁও পঞ্চায়ত, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ ৱাৰ্ড সদস্য তথা জিলা পৰিষদৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল । এই বিশেষ অনুষ্ঠানটিত গুৱাহাটীৰ মূল অনুষ্ঠানটিৰ প্ৰত্যক্ষভাৱে সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয় ।

উল্লেখ্য যে, প্ৰধানমন্ত্রী আৱাস যোজনাৰ (গ্ৰ‍ামীণ) অধীনত ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ প্ৰদান কৰা হ'ব প্ৰথম কিস্তিৰ ধন । প্ৰথম কিস্তিত প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব ৩২,৫০০ টকা । প্ৰধানমন্ত্রী আৱাস যোজনাৰ (গ্ৰ‍ামীণ) অধীনত গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে ১.৩০ লাখ টকাৰ নগদ ধনৰ লগতে এনৰেগাৰ অধীনত ২১ হাজাৰ টকাসহ মুঠ ১.৫১ লাখ টকা লাভ কৰিব ।

লগতে পঢ়ক: Major reshuffle in Assam Police : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.