ETV Bharat / state

Major reshuffle in Assam Police : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

author img

By

Published : Feb 17, 2023, 10:12 AM IST

Major reshuffle at top level of Assam Police
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল (Reshuffle in Assam Police)। অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক ৰদ-বদল কৰাৰ লগতে পদোন্নতি দিয়া হৈছে । অসম আৰক্ষীত পাঁচগৰাকীকৈ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰো সাল-সলনি কৰা হৈছে ।

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল কৰা হৈছে । ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীত সাল-সলনি ঘটাইছে(Major reshuffle at top level of Assam Police) । সেই অনুসৰি হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক গুৱাহাটীৰ ভিজিলেন্স এণ্ড এণ্টি-কৰাপচনৰ আৰক্ষী অধীক্ষক(আইন) হিচাপে বদলি কৰা হৈছে । সেইদৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি (পশ্চিম) হিচাপে বদলি কৰা হৈছে ।

আনহাতে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক হোজাইৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । অৱশ্যে তেওঁক পদোন্নতি দিয়া হোৱা নাই । সেইদৰে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসক কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন কৰা হৈছে । গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি (পশ্চিম) দেৱাশিষ বৰাক চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে(Promotion and major reshuffle at top level of Assam Police) ।

Major reshuffle at top level of Assam Police
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল

পাঁচগৰাকীকৈ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ সাল-সলনি কৰা হৈছে(Big reshuffle in Assam police in SP level) । উল্লেখ যে কিছুদিন পূৰ্বে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদলৰ উপৰি পদোন্নতি দিয়া হৈছিল(Big reshuffle in Assam police in top level) । ইফালে জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে অসম আৰক্ষীত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে । ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত অসম আৰক্ষীত কেতবোৰ নতুনত্ব অনা হৈছে ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা আৰম্ভ কৰা হৈছে । এই অনুসৰি প্ৰতিটো কৰ্মদিনত কাৰ্যালয় সমূহত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল বিষয়া উপস্থিত থাকিব লাগিব ।

লগতে বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তিসমূহ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব লাগিব । ইতিমধ্যে সমূহ কাৰ্য্যালয়তে ৰাইজৰ প্ৰতি এই সেৱা আগবঢ়োৱাৰ বাবে বিষয়াসকলক নিয়োজিত কৰা হৈছে । এইক্ষেত্ৰত জিলা কাৰ্য্যালয়সমূহত ৰাইজে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ'লে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ দায়িত্বশীল বিষয়াক অৱগত কৰিব পাৰিব ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে এই ব্যৱস্থা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষক সকলক নির্দেশ প্ৰদান কৰিছে । তেওঁ লগতে এইক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলিও বিষয়াসকলক সতর্ক কৰি দিছে । সেইদৰে আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় ভাষাত অথবা দ্বি-ভাষিক ‘নাম ফলক’ লগোৱাৰ ডিজিপিৰ নিৰ্দেশনাও ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে ।

লগতে পঢ়ক: Crime meeting in Ulubari: দীৰ্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ ডিজিপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.