অসম

assam

ডুমডুমাত মহিলা চোৰঃ CCTV কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য

By

Published : Oct 31, 2020, 10:00 PM IST

২৭ অক্টোবৰ তাৰিখে ডুমডুমাৰ ইমৰাণ ইলেক্ট্ৰনিকছ নামৰ এখন দুকানৰ পৰা এটা পানী মটৰ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । বস্তু ক্ৰয় কৰিবলৈ অহাৰ চলেৰে এগৰাকী মহিলাই চুৰি কৰি নিছিল এটা পানী মটৰ । কিন্তু দুকান খনৰ চিচিটিভি কেমেৰাত মহিলা গৰাকীৰ সমগ্ৰ কাৰ্য আবদ্ধ হৈ পৰিছিল ।

doomduma-theif
ডুমডুমাত মহিলা চোৰঃ CCTV কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য

ডুমডুমা, 31 অক্টোবৰ: ডুমডুমাত পানী মটৰ চুৰি কাৰ্য নামি পৰিছে মহিলা । চিচিটিভি কেমেৰাত বন্দী হৈছে চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য। যোৱা ২৭ অক্টোবৰ তাৰিখে ডুমডুমাৰ ইমৰাণ ইলেক্ট্ৰনিকছ নামৰ এখন দুকানৰ পৰা এটা পানী মটৰ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । বস্তু ক্ৰয় কৰিবলৈ অহাৰ চলেৰে এগৰাকী মহিলাই চুৰি কৰি নিছিল এটা পানী মটৰ । কিন্তু দোকানখনৰ চিচিটিভি কেমেৰাত মহিলা গৰাকীৰ সমগ্ৰ কাৰ্য্য আবদ্ধ হৈ পৰিছিল ।

ডুমডুমাত মহিলা চোৰঃ CCTV কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য

শনিবাৰে পুনৰ উক্ত মহিলাগৰাকী ডুমডুমা নগৰৰ বজাৰত টহল দি থকা সময়ত চুৰি কাৰ্য সংঘটিত হোৱা ইমৰান ইলেক্ট্ৰনিকছ দোকানৰ গৰাকী ইমৰান হুচেইনে মহিলা গৰাকীক কৰায়ত্ব কৰি দোকানলৈ লৈ আহে । পানী মটৰ চুৰিৰ লগত জড়িত মহিলাগৰাকীৰ ঘৰ কাকপথাৰ সৰুমেচাই গাওঁত বুলি জানিব পৰা গৈছে । অন্যহাতে,চিচিটিভি কেমেৰাত আবদ্ধ সমগ্ৰ ঘটনাৰাজীৰ কথা মহিলা গৰাকীয়ে অস্বীকাৰ কৰি কেৱল পানী মটৰৰ খালি বাকচখনহে লোৱা বুলি দাবী কৰিছে ।
লগতে পঢ়ক: মালিগাঁৱত ভুৱা বেংক বিষয়াক আৱদ্ধ কৰিলে ৰাইজে

ABOUT THE AUTHOR

...view details