অসম

assam

তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী সন্দেহত হত্যা; চাৰিজন গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 2:20 PM IST

ৰাজ্যত পুনৰ আন এক ডাইনী কাণ্ড ৷ ডাইনী সন্দেহত মহিলাক নৃশংসভাৱে হত্যা ৷ তেজপুৰৰ নিজ বাঁহবাৰীত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰে জড়িত থকা অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ, পলাতক দুজন ৷

Witch-hunting in tezpur
তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী হত্যা

তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী হত্যা

তেজপুৰ, ২৫ ডিচেম্বৰ: তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । মহিলাগৰাকীক তেওঁ দুই নাবালক সন্তানৰ সন্মুখতে জীৱন্তে জ্বলাই দিয়াৰ কথা জানিব পৰা হৈছে ৷ দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা ।

মৃত মহিলাগৰাকী ৰাম কাটিৰ পত্নী সংগীতা কাটি (৩০) বুলি জানিব পৰা হৈছে । ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোক ক্ৰমে অজয় চাংহাৰ, টিনকো মালহাৰ, সূৰ্য বাঘোৱাৰ বুলি জানিব পৰা হৈছে ৷ এজনৰ নাম বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । আনহাতে আন দুজন অভিযুক্ত বৰ্তমান পৰ্যন্ত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণ অনুসৰি সংগীতা কাটিৰ প্ৰতিবেশী সূৰজ বাঘোৱাৰ পৰিয়ালৰ লোকে দেওবাৰে নিশা প্ৰায় ১০ বজাত চাৰিটা সতীৰ্থৰ সহায়ত মহিলাগৰাকীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে আৰু জীৱন্তে জ্বলাই দিয়ে । এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুজনক বিচাৰি অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে

তেজপুৰৰ যথেষ্ট ভিতৰুৱা অঞ্চল নিজ বাঁহবাৰীত ব্যক্তিগত শত্ৰুতাৰ পৰিণতিত এই জঘন্য ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ ইফালে অতি ভিতৰুৱা এই অঞ্চলত বৰ্তমানেও অন্ধবিশ্বাস বিৰোধী সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । বিভিন্ন বেচৰকাৰী-স্বেচ্ছাসেৱী সংগঠনে এইবোৰ অঞ্চলত আজিলৈকে সজাগতাৰ সৃষ্টিৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Witch Hunting village : মধ্যযুগীয় অন্ধবিশ্বাস ডাইনী প্ৰথাৰ কৰাল গ্ৰাসত এখন গাঁও

ABOUT THE AUTHOR

...view details