অসম

assam

শিৱসাগৰত ক’ভিড ৰোগীৰ বাবে চিলিণ্ডাৰ প্ৰদান কৰিছে টীম হামৰাহিয়ে

By

Published : May 20, 2021, 10:41 PM IST

শিৱসাগৰত "হামৰাহিৰ" আদৰণীয় পদক্ষেপ ৷ শিৱসাগৰত ক’ভিড ৰোগত আক্ৰান্ত সকলৰ বাবে স্বেচ্ছাসেৱী সংস্থাটোৱে যোগান ধৰিছে অক্সিজেন চিলিণ্ডাৰ ৷

oxygen-cylinder-distributed-in-sivsagar
শিৱসাগৰত ক’ভিড ৰোগীৰ বাবে চিলিণ্ডাৰ প্ৰদান কৰিছে টীম হামৰাহিয়ে

শিৱসাগৰ, 20 মে’: বৰ্তমান সময়ত সমগ্র বিশ্বতে ক’ৰণাত আক্রান্ত হৈ দৈনিক হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । ক’ভিড১৯ত আক্রান্ত হোৱা ৰোগী সকলৰ বাবে সমগ্র দেশতে অক্সিজেন সেৱা এক জৰুৰীকালীন সেৱা বুলি পৰিগণিত হৈছে ।

এনে এক জটিল পৰিস্থিতিৰ মাজত ৰাইজক সকাহ দিবলৈ শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা টীম হামৰাহিয়ে বৃহস্পতিবাৰে ৫টা অক্সিজেন চিলিণ্ডাৰ শিৱসাগৰবাসী ৰাইজৰ সেৱাত আগবঢ়াই দিছে । এই অক্সিজেন চিলিণ্ডাৰ সেৱা শিৱসাগৰবাসী ৰাইজৰ বাবে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ এ. টি. ৰোডস্থিত মেচাৰ্ছ নেমচান্দ মাণিকচান্দ প্ৰতিষ্ঠানত দিনে-নিশাই উপলব্ধ হ’ব।

শিৱসাগৰত ক’ভিড ৰোগীৰ বাবে চিলিণ্ডাৰ প্ৰদান কৰিছে টীম হামৰাহিয়ে

ৰাইজক নিস্বাৰ্থ সেৱা আগবঢ়াই অহা মেচাৰ্ছ নেমচান্দ মাণিকচান্দ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অশোক বাকলিৱাল আৰু যশ বাকলিৱালৰ লগতে এই অক্সিজেন সেৱাৰ লগত জড়িত প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰী অজিত দত্ত আৰু মঞ্জিত গগৈক হামৰাহী গ্রুপৰ ফালৰ পৰা ফুলাম গামোচা আৰু প্ৰতীক চিহ্নৰে সম্বৰ্ধনা জনোৱা হয় ।

হামৰাহিয়ে যোগান ধৰা অক্সিজেন চিলিণ্ডাৰ মানিকচান্দৰ দ্বাৰা সকলো সময়ত ক’ভিড ৰোগীৰ বাবে বিনামূলীয়াকৈ যোগানৰ ব্যৱস্থা কৰা হৈছে । যিকোনো প্ৰয়োজনত 8811911111 এই মবাইল নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহবান জনাইছে টীম হামৰাহিয়ে ।

লগতে পঢ়ক: আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?

ABOUT THE AUTHOR

...view details