অসম

assam

India Book of Records: হনুমানৰ ক্ষুদ্ৰতম মুখা প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সুদৰ্শন

By

Published : Jan 3, 2023, 12:02 PM IST

৪ চে:মি×৩.২ চে:মি:মুখা প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত হৈছে শিৱসাগৰৰ দিখৌমুখৰ সুদৰ্শন শইকীয়া (India Book of Records)। তেওঁ ২০১৮ চনৰ পৰা মুখাশিল্পৰ লগত জড়িত হৈ নৰসিংহ, পুতনা, মৎস্য, অজগৰ, অঘাসুৰ আদিৰ মুখা প্ৰস্তুত কৰিছে ।

Sudarshan Saikia included in India Book of Records
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত দিখৌমুখৰ সুদৰ্শন শইকীয়া

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত দিখৌমুখৰ সুদৰ্শন শইকীয়া

আমগুৰি, ৩ জানুৱাৰী:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অন্যতম অৱদান হৈছে ভাওনা । ভাওনা সংস্কৃতিৰ লগতে সংপৃক্ত হৈ আছে আপুৰুগীয়া মুখাশিল্প । এই মুখাশিল্প ভাওনাৰ এক গুৰুত্বপূৰ্ণ অংগ । সাম্প্ৰতিক সময়ত মুখাশিল্পীৰ সংখ্যা ক্ৰমান্বয়ে তাকৰ হ'বলৈ ধৰিছে যদিও ইয়াৰ মাজতেই নৱ প্ৰজন্মৰ একাংশই মুখাশিল্পৰ জৰিয়তে জগত জিনিবলৈ ওলাইছে । এইসকলৰ মাজৰেই এজন হৈছে সুদৰ্শন শইকীয়া ।

মুখাশিল্পৰ জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ দিখৌমুখৰ সুদৰ্শন শইকীয়াই (Sudarshan Saikia included in India Book of Records)। সুদৰ্শনে ৰাজ্যৰ ভিতৰতে প্ৰাকৃতিক ভাবে ক্ষুদ্ৰতম ৪ চে:মি×৩.২ চে:মি:ৰ মুখা প্ৰস্তুত কৰি নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে । প্ৰকৃতিকভাৱে হনুমানৰ মুখা প্ৰস্তুত কৰি সুদৰ্শনে অসম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে (Assam Book of Records)।

২০১৮ চনৰ পৰা মুখাশিল্পৰ লগত জড়িত সুদৰ্শন হাজৰিকাই মাজুলীৰ চামগুৰি সত্ৰৰ ড৹হেমচন্দ্ৰ গোস্বামীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল (Samguri Satra of Majuli)। ভাওনা আৰু ৰাস মহোৎসৱত ব্যৱহৃত মুখা নৰসিংহ, পুতনা, মৎস্য, অজগৰ, অঘাসুৰ, বকাসুৰ, ছাগলী, ময়ূৰকে ধৰি বহুতো মুখা প্ৰস্তুত কৰা সুদৰ্শনৰ লগত ৬ জন যুৱক জড়িত হৈ আছে । যোৰহাটৰ আই টি আইত অধ্যয়নৰত সুদৰ্শন শইকীয়াই মাটি, প্ৰাকৃতিক ৰং, বাঁহৰ কাঠী, কপাহী কাপোৰ আৰু গোবৰেৰে প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যখনৰ ভিতৰতে ক্ষুদ্ৰতম মুখা (ITI of Jorhat) ।

উল্লেখ্য় যে মুখাশিল্প অসমৰ প্ৰাচীন লোককলাৰ ভিতৰত অন্য়তম (Masks of Assam)। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখাশিল্পৰ জনক বুলি আখ্য়া দিয়া হয় (Srimanta Sankardeva)। শ্ৰীৰামচৰণ ঠাকুৰ বিৰচিত 'চৰিত পুথি'ত বৰ্ণনা কৰা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো বিশেষকৈ বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল (Sri ramcharan Thakurs Charit Puthi)।

ৰাজ্য়খনত এনেধৰণৰ মুখাৰ ব্যৱহাৰ ভাওনা, ৰাস আদিত দেখিবলৈ পোৱা যায় ৷ মুখা সাজিবলৈ সাধাৰণতে বাঁহ,খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয় ৷ প্ৰথমে বাঁহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱা হয় । ইয়াৰ পিছত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰা হয় ৷ ইয়াৰ পিছত বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি নিদিষ্ট ৰূপ দিয়াৰ লগে লগে বিভিন্ন ৰং সানি পূৰ্ণ ৰূপ দিয়া হয় ৷ ৰাজ্য়খনৰ মাজুলীৰ উপৰি গোলাঘাটৰ কেতবোৰ অঞ্চল এই মুখাশিল্পৰ বাবে বিখ্য়াত ৷

লগতে পঢ়ক:Constituency Delimitation in Assam: দুটা দশক নহয়, চিৰদিনৰ বাবে সুৰক্ষিত হ’ব লাগিব অসমৰ খিলঞ্জীয়া : এজেপি

ABOUT THE AUTHOR

...view details