অসম

assam

Man arrested for sexual assault: বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ গৈ ৰাইজৰ কিল খালে শ্ৰীমন্তই

By

Published : Jan 20, 2023, 10:27 AM IST

Updated : Jan 20, 2023, 1:15 PM IST

Man arrested for sexual assault

শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত বৰাহীবাৰীত এজন যুৱক অনৈতিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ যাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ অভিযুক্ত যুৱকজনৰ নাম শ্ৰীমন্ত দাস (Man arrested for sexual assault with Married woman)৷

অনৈতিক কাৰ্যকলাপত জড়িত থকা অভিযোগ শ্ৰীমন্তৰ বিৰোদ্ধে

আমগুৰি, ২০ জানুৱাৰী :চোৰ ঐ চোৰ ৷ ধৰ ঐ ধৰ ৷ হঠাৎ লাগি গ’ল হুৱাদুৱা ৷ মৰ শীতকো নেওচি সকলোৱে কেৱল চোৰ ধৰিবলৈ উলাই আহিছে ৷ কিন্তু বহু সময়ৰ পাচতহে ওলাল উৰহী গছৰ ওৰ ৷ সামগ্ৰী চোৰ কৰিবলৈ নহয়, শ্ৰীমন্ত আহিছিল এগৰাকী বিবাহিত মহিলাৰ হিয়া চুৰি কৰিবলৈহে ৷

ৰাইজৰ হাতত ধৰা পৰাৰ পাচত শ্ৰীমন্ত দাসে ক’লে, ‘‘বিহু বুলিয়েই আহিছিলো ৷ তাই মাতিছিল ৷ আগৰ পৰাই তাইক চিনি পাওঁ ৷ কিন্তু তাইৰ নামটো নাজানো বাৰু’’ ৷ বিবাহিত পুৰুষ শ্ৰীমন্ত দাসক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত বৰাহীবাৰীত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Tens sitution in Sivasagar) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত বৰাহীবাৰীৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে চামগুৰিৰ ৰজাবামৰ ঘৰ শ্ৰীমন্ত দাসৰ সৈতে আছিল অনৈতিক সম্পৰ্ক ৷ যাৰ বাবে মাজে সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ শ্ৰীমন্ত দাস আহে মহিলাগৰাকীক লগ কৰিবলৈ (Man arrested for sexual assault with Married woman)৷ কিন্তু বৃহস্পতিবাৰে দশা বেয়া আছিল শ্ৰীমন্তৰ ৷

লগতে পঢ়ক :KMSS protest in Dhubri: কৃষক মুক্তিৰ প্ৰতিবাদত কঁপিল ধুবুৰী

পূৰ্বৰ দৰে বৃহস্পতিবাৰে শ্ৰীমন্ত দাসে বিবাহিত মহিলাৰ ঘৰত অনৈতিক কাৰ্যত জড়িত আছিল ৷ এই কথাৰ বিষয়ে অঞ্চলটোৰ ৰাইজে জানিব পাৰি শ্ৰীমন্তক ধৰিবলৈ উক্ত স্থানত উপস্থিত হয় ৷ লগতে খবৰ দিয়া হয় আৰক্ষীকো ৷ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷

কিন্তু এই কথা গম পাই স্থানীয় ৰাইজৰ পৰা হাত সাৰিবলৈ বহু সময় ধৰি হাবিত লুকাই থাকে শ্ৰীমন্ত ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ অৱশ্যে ৰাইজৰ তৎপৰতাত খেদি খেদি হাবিৰ পৰা শ্ৰীমন্তক কাৰায়ত্ত কৰি গতাই দিয়া হয় আৰক্ষীক ৷ এই ঘটনাক কেন্দ্ৰ কৰিয়েই বৃহস্পতিবাৰে নিশা বৰাহীবাৰীত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷

ইফালে শ্ৰীমন্ত দাসে স্থানীয় ৰাইজৰ আগত মহিলাগৰাকীয়ে বিহু খাবলৈ মতা বুলিহে তেওঁৰ ঘৰলৈ আহিছিল বুলি উল্লেখ কৰে ৷ আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত শ্ৰীমন্তৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, গছ কটা মেচিন আনিবলৈহে বুলিহে ঘৰৰ পৰা ওলাই আহিছিল ৷ কিন্তু শ্ৰীমন্তৰ এই কামত লজ্জিত এতিয়া পৰিয়ালৰ লোকো ৷

ইফালে হালোৱাটিং আৰক্ষীয়ে অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰি হালোৱাটিং থানালৈ লৈ যায় । অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক :Drugs seized: সোণাৰিত মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Last Updated :Jan 20, 2023, 1:15 PM IST

ABOUT THE AUTHOR

...view details