KMSS protest in Dhubri: কৃষক মুক্তিৰ প্ৰতিবাদত কঁপিল ধুবুৰী

author img

By

Published : Jan 20, 2023, 7:43 AM IST

KMSS protest in Dhubri

চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ উচিত মূল্যৰ পৰা বঞ্চিত সহস্ৰাধিক পৰিয়াল । চৰকাৰে মাটিৰ গৰাকীক প্ৰদান কৰা নাই উচিত মূল্য ৷ এই অভিযোগ ধুবুৰীৰ শতাধিক মাটিৰ গৰাকীৰ ৷ সেয়ে মাটিৰ উচিত মূল্য বিচাৰি ভুক্তভোগী পৰিয়ালসমূহক লৈ ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (KMSS protest against Assam Govt in Dhubri) ।

আকৌ প্ৰতিবাদ

ধুবুৰী, ২০ জানুৱাৰী : আকৌ প্ৰতিবাদ ৷ এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS) প্ৰতিবাদত কঁপি উঠিল ধুবুৰী জিলা (KMSS protest in Dhubri) ৷ চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ উচিত মূল্য বিচাৰি বৃহস্পতিবাৰে KMSS ৰ সদস্যৰ সহযোগত একাংশ ৰাইজে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (KMSS protest against Assam Govt in Dhubri) ।

উল্লেখ্য যে, নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলং সংলগ্ন চাৰিলেন যুক্ত ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ধুবুৰীৰ মটেৰঝাৰ, বালাজান, বাণীয়ামৰি, ঢেপডেপি, কছাৰী হাট, কালাহাট আদিকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰায় তিনি সহস্ৰাধিক পৰিয়ালৰ মাটি অধিগ্ৰহণ কৰাৰ বাবে চৰকাৰে জাননী জাৰি কৰিছিল । কিন্তু অধিগ্ৰহণ কৰা মাটিৰ মূল্য বিঘাই প্ৰতি মাত্ৰ ৩ লাখ টকা চৰকাৰে নিৰ্ধাৰিত কৰিছে ৷ যাক লৈ সন্তোষ্ট নহয় অঞ্চলটোৰ ৰাইজে ৷

সেয়ে উক্ত অঞ্চলৰ ৰাইজে চৰকাৰে অধিগ্ৰহণ কৰিবলৈ বিচৰা মাটিসমূহৰ বৰ্তমান বজাৰ মূল্যৰ দৰত দিবলৈ দাবী জনাইছে ৷ অৰ্থাৎ বিঘাই প্ৰতি ১৫ ৰ পৰা ২০ লাখ টকা দিবলৈ দাবী জনাইছে মাটিৰ গৰাকীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । আনকি প্ৰতিবাদকাৰীসকলে কেঁচা ঘৰ, পকা ঘৰ নাইবা পুখুৰী-খাল আদিৰ মূল্যও পৃথকে পৃথকে নিৰ্ধাৰণ কৰি সেই অনুসৰিয়েই মাটিৰ মূল্য দিবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক : Head Master Sells Book : ছাত্ৰ-ছাত্ৰীৰ বহী-কিতাপ বেচি শেষ কৰিলে হেড বাইদেৱে

মাটি অধিগ্ৰহণ কৰিবলৈ লোৱা মাটিৰ গৰাকীৰ দাবীৰ বিপৰীতে চৰকাৰে বিপৰীত স্থিতি গ্ৰহণ কৰিছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ ফলত চৰকাৰৰ এই স্থিতিক লৈ অসন্তোষ্টি প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে ৷

সেয়ে উপায়ন্তৰ হৈ শতাধিক মাটিৰ গৰাকীয়ে বৃহস্পতিবাৰে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হকৰ নেতৃত্বত অৱস্থান ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (Protest against Assam Govt) ৷

উল্লেখ্য যে, এই কাৰ্যসূচীৰ পিচতে অধিগ্ৰহণ কৰা মাটিসমূহৰ উচিত মূল্য বিচাৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : RNB civil hospital: ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰৰ নিৰ্দেশত অসন্তুষ্ট কোকৰাঝাৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.