ETV Bharat / state

NCERT পাঠ্যপুথিত মণিপুৰৰ জাতীয় খেলক স্থান দিয়া হ’ল মিজোৰামৰ হিচাপে - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 12:52 PM IST

Press meet on manipur situation : মণিপুৰৰ পৰিস্থিত সন্দৰ্ভত সংবাদমেল সম্বোধন আৰ পি আই আঠাৱালে দলৰ ইনাৰ মণিপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মহেশ্বৰ থৌনাওজামৰ । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ থৌনাওজামৰ ।

RPI Athawale's Maheshwar Thounaojam press meet in Dispur press club regarding manipur latest situation
NCERT পাতত মণিপুৰৰ জাতীয় খেলক স্থান দিয়া হ’ল মিজোৰামৰ হিচাপে

গুৱাহাটী, 30 এপ্ৰিল: ‘‘মণিপুৰ অশান্ত কৰাৰ আঁৰত কোনোবা আছে । যিয়ে মণিপুৰ অশান্ত হোৱাৰ চুইচটো অন অফ কৰি আছে ৷" মঙলবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আৰ পি আই আথাৱালে দলৰ ইনাৰ মণিপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মহেশ্বৰ থৌনাওজামে । সোমবাৰে দিশপুৰ প্ৰেছ ক্লাৱত দলটোৱে সম্বোধন কৰে এখন সংবাদমেলৰ ৷

সংবাদমেলখন সম্বোধন কৰি থৌনাওজামে কয়, "মণিপুৰত অশান্ত পৰিস্থিতি আৰম্ভ হোৱা এবছৰ হ'বলৈ হ'ল, কিন্তু এতিয়ালৈ ৰাজ্যখনলৈ শান্তি ঘূৰি অহা নাই । নিৰ্বাচনৰ কিছুদিন পূৰ্বে মণিপুৰলৈ শান্তি ঘূৰি অহা যেন লাগিছিল কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগেই আকৌ আৰম্ভ হৈছে হিংসা । ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে যিমান শক্তি প্ৰায়োগ কৰিলে যিমান শক্তি মণিপুৰখনক শান্ত কৰাৰ বাবে প্রয়োগ কৰা হ’লে কেতিয়াবাই শান্ত হ’লহেঁতেন ৷"

তেওঁ লগতে মণিপুৰৰ পৰিস্থিতি সম্পূৰ্ণৰূপে আন কোনোবাই নিয়ন্ত্ৰণ কৰি আছে বুলি দাবী কৰি কয়, "কাৰোবাৰ নিৰ্দেশনা মতে সকলো ঘটি আছে । কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত বহুবাৰ অনুৰোধ জনোৱা হ’ল ৷ গণতন্ত্ৰৰ হত্যা বন্ধ কৰাৰ বহুবাৰ দাবী তোলা হ’ল ।" 19 এপ্ৰিলত কুকি সন্ত্ৰাসবাদীয়ে ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ অধীনলৈ আনিছিল বুলি অভিযোগ কৰে আৰ পি আই আথাৱালে ।

আনহাতে, NCERT পাঠ্যপুথিৰ শেহতীয়া বিসংগতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে থৌনাওজামে ৷ NCERT ৰ পাঠ্যপুথিত মণিপুৰৰ জাতীয় খেল মুগনাই কাংজেইৰ নামটো মিজোৰামৰ বুলি বিসংগতিপূৰ্ণভাবে উল্লেখ কৰা হৈছে বুলিও থৌনাওজামে ক্ষোভ প্ৰকাশ কৰে । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি থৌনাওজামে এইবোৰ দেখি চৰকাৰ শুই আছে যেন অনুভৱ হয় বুলি মন্তব্য কৰে ।

থৌনাওজামে কুকি সন্ত্ৰাসবাদীয়ে দুজনকৈ সেনা জোৱানক হত্যা কৰা আৰু দুজনক আহত কৰা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷

লগতে পঢ়ক: মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত বৰপেটাৰ চি আৰ পি এফ জোৱানৰ শেষকৃত্য সম্পন্ন - Last tribute to CRPF Personnel

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.