মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত বৰপেটাৰ চি আৰ পি এফ জোৱানৰ শেষকৃত্য সম্পন্ন - Last tribute to CRPF Personnel

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:54 PM IST

thumbnail

বৰপেটা, ২৭ এপ্ৰিল : মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা বৰপেটাৰ ভেল্লা বনবৰীয়া গাঁৱৰ চি আৰ পি এফ জোৱান নাছিৰ উদ্দিন সৰকাৰৰ শেষকৃত্য আজি নিশা সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হয় । বনবৰীয়া কবৰস্থানত সম্পন্ন কৰা হয় জানাজা ৷ চিআৰপিএফৰ আই জি পি, ডি আই জি পি, জিলা আয়ুক্ত,আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত শ্বহীদগৰাকীলৈ শেষশ্ৰদ্ধা নিবেদন কৰে । শেষ শ্ৰদ্ধা জনোৱাৰ সময়ত কান্দোনত ভাঙি পৰে পত্নী-কন্যা ৷  

উল্লেখ্য যে সন্ধিয়া প্ৰায় ৭ বজাত নাছিৰ উদ্দিন সৰকাৰৰ নশ্বৰদেহ ভেল্লাৰ বনবৰীয়াস্থিত বাসগৃহলৈ অনা হয় । তাৰ পিচতে পৰিয়ালৰ লোকৰ উপস্থিতিত ড৹ জাকিৰ হুছেইন যুৱক সংঘ খেলপথাৰত চি আৰ পি এফৰ আই জি পি দানেশ ৰাণা, ডিআইজিপি সুনন্দ কুমাৰ, ডি জি,আই জি, কামণ্ডেন্ট কে পি গবৰিয়া, বৰপেটা জিলা আয়ুক্ত আয়ুষ গৰ্গ, জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱসহ বহুকেইগৰাকী শীৰ্ষ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক:উত্তপ্ত মণিপুৰ; মণিপুৰৰ ভূমিত পুনৰ শ্বহীদ হ’ল অসমৰ জোৱান - CRPF Personnel Killed In Manipur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.