অসম

assam

আমগুৰিৰ ‘সৌৰশক্তি পাৰ্ক’ৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশে

By

Published : Oct 6, 2021, 12:40 PM IST

amguri solar power park
আমগুৰিৰ সৌৰশক্তি পাৰ্ক

2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি হ’ব আমগুৰিত স্থাপন হোৱা 70 মেগাৱাট শক্তিসম্পন্ন ‘সৌৰশক্তি পাৰ্ক’(Solar Power Park) ৷ প্ৰকল্পটোৰ কাৰ্যালয় গৃহ, চাৰিসীমাৰ দেৱাল আৰু অধিকাংশ ‘চ’লাৰ পেনেল’(Solar Panel) স্থাপনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকল্পথলী পৰিদৰ্শন কৰি অসম বিধানসভাৰ বিধায়িনী দলৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ই জানিবলৈ দিয়ে ৷

আমগুৰি, 6 অক্টোবৰ : সফল সমাপ্তিৰ দিশে আমগুৰিৰ 70 মেগাৱাট শক্তিসম্পন্ন ‘সৌৰশক্তি পাৰ্ক’(Solar Power Park)ৰ নিৰ্মাণ কাৰ্য ৷ 2022 বৰ্ষৰ মাৰ্চ মাহত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই শুভ উদ্বোধন কৰিব পাৰ্কখনৰ ৷ ইয়াৰ পাচতে উৎপাদনক্ষম হৈ উঠিব এই সৌৰ প্ৰকল্পটো ৷ মঙলবাৰে প্ৰকল্পথলী পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে অসম বিধানসভাৰ বিধায়িনী দলৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ই ৷

আমগুৰিৰ সৌৰশক্তি পাৰ্ক পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰদীপ হাজৰিকাৰ

উল্লেখ্য যে, অসম চুক্তি(Assam Accord)ৰ অধীনত 1990 চনতে অসম গণ পৰিষদ(AGP) চৰকাৰৰ আমোলত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত(Prafulla Kumar Mahanta)ই আমগুৰিৰ এই স্থানতে 360 মেগাৱাট শক্তিসম্পন্ন গেছ ভিত্তিক এক তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত ৰাজনৈতিক মেৰপাকত এই প্ৰকল্প এক সপোন হৈ পৰে আমগুৰিবাসীৰ বাবে ।

পৰৱৰ্তী সময়ত সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা(Pradip Hazarika)ৰ আশাশুধীয়া প্ৰচেষ্টাৰ লগতে শাসনাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ সদিচ্ছাৰ ফলশ্ৰুতিত 2019 চনৰ 27 ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)য়ে পূৰ্বৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰিৱৰ্তে এই সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

আমগুৰিৰ সৌৰশক্তি পাৰ্ক

কেন্দ্ৰীয় চৰকাৰ আৰু নয়দাৰ ‘জেকচন ইণ্ডিয়া’ নামৰ এটা প্ৰতিষ্ঠানৰ মাজত ইতিমধ্যে প্ৰকল্পটো নিৰ্মাণৰ বাবে এক চুক্তিও সম্পাদিত হয় ৷ এই চুক্তিৰ পাচতে প্ৰকল্প নিৰ্মাণৰ কামৰ দ্ৰুত অগ্ৰগতি হোৱা পৰিলক্ষিত হৈছে । প্ৰকল্পটোৰ কাৰ্যালয় গৃহ, চাৰিসীমাৰ দেৱালৰ লগতে অধিকাংশ ‘চ’লাৰ পেনেল’(Solar Panel) স্থাপনৰ কাম সম্পূৰ্ণ হৈছে ।

আনহাতে, প্ৰকল্প স্থানৰ পৰা উৎপাদিত বিদ্যুৎ সৰবৰাহৰ বাবে নামৰূপ-মৰিয়নী সংযোগী বৈদ্যুতিক লাইনৰ কাম-কাজো সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে । প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য বাহাল থকা এই সৌৰ প্ৰকল্পত প্ৰথম অৱস্থাত 70 মেগাৱাট বিদ্যুৎ উৎপাদন লক্ষ্য হিচাপে লোৱা হৈছে যদিও পৰৱৰ্তী সময়ত ইয়াক 100 মেগাৱাটলৈ উন্নীতকৰণৰ ব্যৱস্থা কৰা হ’ব ৷

লগতে পঢ়ক :ৰেচম বিভাগৰ বিষয়াৰ মইমতালি: চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী

ABOUT THE AUTHOR

...view details