ETV Bharat / state

ৰেচম বিভাগৰ বিষয়াৰ মইমতালি: চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী

author img

By

Published : Oct 6, 2021, 10:25 AM IST

Karbi Anglong
ৰেচম বিভাগৰ বিষয়াৰ মইমতালি

ৰেচম বিভাগৰ এগৰাকী বিষয়াৰ কাৰ্যই আচৰিত কৰি তুলিছে স্থানীয় লোকক । বিষয়াগৰাকীয়ে কি কৰিলে যাৰ বাবে নিজৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু স্থানীয় লোকৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনালে ?

কলিয়াবৰ, ৬ অক্টোবৰ : সাধাৰণতে পাট আৰু মুগা পলুৰ প্ৰধান খাদ্য হৈছে চোমগছ । পাট আৰু মুগা খেতিৰ বাবে চোমগছৰ অতি প্ৰয়োজন । কিন্তু এই মূল্যবান গছ কাটি তহিলং কৰিছে খোদ ৰেচম বিভাগে । কলিয়াবৰৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ বাগৰি শিলডুবিত ৰেচম বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা ।

Karbi Anglong
ৰেচম বিভাগৰ বিষয়াৰ মইমতালি

এগৰাকী বিষয়াৰ নেতৃত্বত কাৰ্যালয়টোৰ চৌহদত থকা বহু সংখ্যক চোমগছ কাটি পেলোৱা হৈছে । এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিষয়াগৰাকীৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে ৰেচম বিভাগত কৰ্মৰত অন্যান্য কৰ্মচাৰীসকল ।

অভিযোগ অনুসৰি স্বামীৰ সৈতে ৰেচম বিভাগৰ বিষয়া মালতী ইংলেংপিয়ে ৰেচম বিভাগৰ শিলডুবিস্থিত কাৰ্যালয়ৰ চৌহদত থকা চোম গছসমূহ কাটি পেলোৱাত ৰেচম পামখনলৈ ভাবুকি নামি আহিছে ।

Karbi Anglong
ৰেচম বিভাগৰ বিষয়াৰ মইমতালি

অসমৰ পৰিচয় পাট-মুগাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু ইয়াৰ বিপৰীতে আকৌ চৰকাৰী বিষয়াৰ এনে কাৰ্যই স্থানীয় ৰাইজ আৰু বিভাগীয় কৰ্মচাৰীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে । যাৰ বাবে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক ইয়াৰ এটা উচিত তদন্ত কৰি অসমৰ ৰেচম শিল্পক জীয়াই ৰখাৰ স্বাৰ্থত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক :কৰিমগঞ্জত ওলমা দলং ছিগি কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.