অসম

assam

ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বাপকণ বাবা : স্বয়ং মুখ্যমন্ত্ৰী আহিলেহে ল’ব ভেকছিন

By

Published : Dec 12, 2021, 4:29 PM IST

baba-from-nalbari-demands-he-will-die-after-taking-covid-vaccine

ইশ্বৰে বিশেষ কামৰ বাবে শক্তি প্ৰদান কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছে নলবাৰীৰ বাপকণ বাবাক ৷ ক’ভিড ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বুলি দাবী বাবাৰ(Baba refuses to inject covid vaccine ) ৷ কিন্তু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ ভেকচিন ল’ব পাৰিব বুলি ৰাখিলে চৰ্ত ৷ জানো আহক কি হ’ল তাৰ পিছত(Baba demands CM Himanta to come for his vaccination) ৷

নলবাৰী, 12 ডিচেম্বৰ :ৰাজ্যত পূৰ্ণ গতিত চলিছে 'হৰ ঘৰ দস্তক' শীৰ্ষক অভিযানৰ অধীনত ক’ভিড টীকাকৰণ(Har ghar dastak in Assam) ৷ প্ৰতিষেধক গ্ৰহণ নকৰা বহুজনক ঘৰে ঘৰে চৰকাৰী বিষয়া কৰ্মচাৰীৰ দলে গৈ প্ৰদান কৰিছে ভেকচিন ৷ এনে সময়তে ৰাজ্যজুৰি সৃষ্টি হৈছে বিভিন্ন আমোদ জনক ঘটনা ৷ এইবাৰৰ সমুখলৈ আহিছে ভেকচিন ল’বলৈ সৈমান নোহোৱা এজন বাবাৰ খবৰ ৷

ভেকছিন ল’লেই মৃত্যু মুখত পৰিব বাপকণ বাবা : স্বয়ং মুখ্যমন্ত্ৰী আহিলেহে ল’ব ভেকছিন

বাবা যথেষ্ট ব্যতিক্ৰমী চৰিত্ৰৰ মানুহ ৷ ব্যতিক্ৰম বাবাই ভেকছিন লোৱাৰ বিনিময়ত সমুখত ৰখা চৰ্তও সেয়ে ব্যতিক্ৰম ৷ এলা পেছা মানুহ নহয় মুকালমুৱাৰ আদাবাৰীস্থিত শিৱ বাবাৰ শক্তি মন্দিৰৰ(Siv mandir in Mukalmua) এই বাবা বাপকণ কলিতা ৷ তেওঁ নিজেই প্ৰকাশ কৰিছে যে, স্বয়ং ইশ্বৰে তেওঁক বিশেষ কামৰ বাবে শক্তি প্ৰদান কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছে আৰু ভেকছিন ল’লেই তেওঁৰ মৃত্যু হ’ব ৷

পিছে এই কথা তেওঁ কেনেকৈ ক’ত গম পালে সেয়া আমাক বা আপোনাক তেওঁ নজনায় জনাব, একমাত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকহে ৷ গতিকে বাবাই চৰ্ত ৰাখিলে যে, স্বয়ং মুখ্যমন্ত্ৰীৰ উপস্থিতিত হে তেওঁ ল’ব কভিড ভেকছিন ৷ তাৰ বাবেই মুখ্যমন্ত্ৰী জনলৈ আহ্বান জনাই এখন চিঠিও লিখি উলিয়ালে বাবাই ৷ তেওঁৰ এই বিশেষ শক্তিৰ কথা প্ৰচাৰৰ বাবে সাংবাদিকক আহ্বান জনাই তেওঁ ক’লে যে, মুখ্যমন্ত্ৰী গৰাকীৰ ভালৰ বাবে তেওঁ নিতৌ কৰে পূজা অৰ্চনা ৷

অৱশ্যে, বাবাৰ এই চৰ্ত নামানি প্ৰশাসনৰ লোকে তেওঁক প্ৰদান কৰিলে ক’ভিড ভেকছিন ৷ ইয়াৰ পিছতে খঙত অগ্নি শৰ্মা হৈ পৰে বাপকণ বাবা ৷ খঙৰ ভমকত বাবাই ক’লে এইবাৰ তেওঁ নিজেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব ৷ আনকি তেওঁৰ বিশেষ শক্তিৰ কথা চিন্তা নকৰি তেওঁক বেজি প্ৰদান কৰাৰ খবৰ প্ৰচাৰ নকৰিলে বিশেষ শক্তিৰ ফালৰ পৰা অহা পৰিণামৰ বাবেও সাজু হ’বলৈ সকীয়াই দিলে বাবাই ৷

লগতে পঢ়ক :Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

ABOUT THE AUTHOR

...view details