অসম

assam

Gaurav Gogoi: এখন ফটোক লৈয়েই কিয় ভূমিকম্প হৈছে বিজেপিত ? প্ৰশ্ন গৌৰৱ গগৈৰ

By

Published : Jul 2, 2023, 7:56 PM IST

"আমি তিনিজন মানুহ একলগ হৈ ফটোহে উঠিছো ৷ ইয়াতেই ইমান ভয়, ইয়াতেই বিজেপিৰ হৃদয়ত কিয় ভূমিকম্পৰ সৃষ্টি হৈছে ? আজিৰ সময়ত তেওঁলোকৰ স্থিতি ইমান দুৰ্বল নেকি ?"-প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ ৷

MP Gourav Gogoi reacts on BJP PRESS MEET
এখন ফটোক লৈয়েই কিয় ভূমিকম্প হৈছে বিজেপিত?- গৌৰৱ গগৈ

এখন ফটোক লৈয়েই কিয় ভূমিকম্প হৈছে বিজেপিত?- গৌৰৱ গগৈ

নগাঁও, 2 জুলাই : "বিজেপিয়ে ভয় কিয় খাইছে ? আমি তিনিজন মানুহ একলগ হৈ ফটোহে উঠিছো ৷ ইয়াতেই ইমান ভয়, ইয়াতেই বিজেপিৰ হৃদয়ত কিয় ভূমিকম্পৰ সৃষ্টি হৈছে ? আজিৰ সময়ত তেওঁলোকৰ স্থিতি ইমান দুৰ্বল নেকি? বিজেপিয়ে এখন ফটো লৈ সংবাদমেলৰ কৰিছে, বিজেপিৰ ইমানেই দুৰৱস্থা ৷ আমি পূৰ্বতেই কৈছো বিজেপিয়ে যি খচৰা প্ৰকাশ কৰিছে সেয়াই তেওঁলোকৰ ভয়ৰ ইংগিত ৷ বন্ধুসকল এয়া মাত্ৰ ট্ৰেইলাৰহে আছিল, আপোনালোকে পিকছাৰ আহিবলৈ দিয়ক ৷" নগাঁৱত কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

প্ৰসংগ তিনি গগৈ ৷ ৰাজ্যজুৰি তিনি গগৈৰ ফটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উজনি অসমৰ তিনি দলৰ তিনি নেতা গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ একত্ৰিত হৈ উঠা এখন ফটোৱে সৰ্বত্ৰে লাভ কৰিছে ব্যাপক চর্চা । খচৰাই ম্লান কৰা উজনিৰ স্বাভিমান ঘূৰাই আনিবলৈ একত্ৰিত হৈছে তিনি গগৈ ।

তিনি গগৈ একত্ৰিত হোৱাক লৈ ইতিমধ্যেই ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰীৰ উপৰিও খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰিছে ৷ দেওবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ নগাঁও জিলাৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি শাসকীয় দলৰ নেতাই কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি সাংসদ গৌৰৱ গগৈয়ে কয় যে ২০২৪ চনত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হ’লে অসম চৰকাৰৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠনৰ দাবী জনাব ৷

আনহাতে প্ৰকাশিত খচৰাত বিজেপি দলৰ বর্তমানৰ ৰাজ্যিক সভাপতি, প্ৰাক্তন সভাপতিৰ সমষ্টি আছে নে নাই তাক চাবলৈ বিজেপি নেতাক আহ্বান জনাই সাংসদ গগৈয়ে।

ইপিনে মণিপুৰত সৃষ্টি হোৱা হিংসাজর্জৰ পৰিস্থিতিৰ বুজ ল’বলৈ মণিপুৰত উপস্থিত হোৱা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কোনো ৰাজনৈতিক মন্তব্য দিয়াৰ বিপৰীতে কেৱল শান্তি বিচৰা বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।

লগতে পঢ়ক:Bjp press meet : ‘গগৈ’ ফোবিয়া ! বিজেপিৰ মুখ্য কাৰ্যালয়ত 7 আহোম মন্ত্ৰী-সাংসদ-বিধায়কৰ বৈঠক

ABOUT THE AUTHOR

...view details