ETV Bharat / state

Bjp press meet : ‘গগৈ’ ফোবিয়া ! বিজেপিৰ মুখ্য কাৰ্যালয়ত 7 আহোম মন্ত্ৰী-সাংসদ-বিধায়কৰ বৈঠক

author img

By

Published : Jul 2, 2023, 6:08 PM IST

এতিয়া চৰ্চাৰ বিষয় 'তিনি গগৈ'। 'তিনি গগৈ'ৰ মিলনক লৈ বিজেপি দল আৰু চৰকাৰ শংকিত হৈ পৰিছে।

Bjp press meet on Constituency delimitation 2023
তিনি গগৈৰ আত্মপ্ৰকাশত থৰকাচুতি হেৰুৱাইছে বিজেপিয়ে

তিনি গগৈৰ আত্মপ্ৰকাশত থৰকাচুতি হেৰুৱাইছে বিজেপিয়ে

গুৱাহাটী, ২ জুলাই: ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চাৰ বিষয় 'তিনি গগৈ'। অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একলগ হোৱাৰ বিষয়টোৱে বৰ্তমান অসমৰ ৰাজনীতিত ব্যাপক চৰ্চাৰ কাৰণ হৈ পৰিছে। বিশেষকৈ উজনি অসমত এই তিনি গগৈ একলগ হোৱাক লৈ একপ্ৰকাৰ যেন শংকিত হৈছে পৰিছে বিজেপি।

উজনিত বিৰোধীৰ তিনি 'গগৈ' ঐক্যবদ্ধ হোৱাৰ পাচতে দেওবাৰে গুৱাহাটী বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উজনি অসমৰ আহোম সম্প্ৰদায়ৰ কেইবাজনো মন্ত্ৰী-বিধায়ক আৰু সাংসদ একলগ হৈ সম্বোধন কৰে এখন সংবাদমেল । সংবাদমেলত উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু লোকসভাৰ সাংসদ তপন গগৈৰ লগতে মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁইকে ধৰি বিজেপিৰ উজনি অসমৰ কেইবাজনো নেতা।

মূলতঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ক লৈ সংবাদমেলখন সম্বোধন কৰে যদিও উজনি অসম আৰু আহোমৰ প্ৰসংগই বিশেষভাৱে স্থান পায়। লক্ষণীয় বিষয় যে শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইয়ো উজনি অসমত বিশেষভাৱে তৎপৰ হৈ থকা পৰিলক্ষিত হৈছে। এক কথাত ক'বলৈ গ'লে 'তিনি গগৈ'ৰ মিলনক লৈ বিজেপি দল আৰু চৰকাৰ শংকিত হৈ পৰিছে । যাৰ বাবেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগকলৈ উজনি অসম আৰু আহোমৰ কথাৰে হঠাতে বিজেপিৰ উজনি অসমৰ কেইবাজনো নেতাই সংবাদমেল সম্বোধন কৰে।


সংবাদমেলত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, কোনো তথ্য নোহোৱাকৈ বিভিন্নজনে মানুহক ভুল পথে নিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ দিনত সমষ্টি পুনঃনিৰ্ধাৰণৰ সময়ত উজনি অসমত দুখন আসন কমিছিল । এতিয়াৰ খচৰাত তিনিখন আসন বৃদ্ধিহে পালে। এই খচৰাত আহোম প্ৰতিনিধিত্ব থকা ৫ খন আসনত শক্তি বৃদ্ধি হ'ল। মৰাণ আৰু মাহমৰা সমষ্টিটো শক্তি বৃদ্ধি পালে । অহাবাৰ বিধানসভাত যি দলৰে নহওঁক কিয় আহোমৰ প্ৰতিনিধিত্ব বাঢ়িব। আহোমৰ একতাৰ প্ৰতীকক কেইজনমানে তাচ্ছিল্য কৰিছে। গগৈ ৰাজনীতি কৰিবলৈ বিচাৰিছে তেওঁলোকে। নিৰ্দিষ্ট উপাধিৰ দুজনমান লগ হৈ আঁহফলা কথা কোৱাটো উচিত নহয়।

শিৱসাগৰ সমষ্টিত চাৰিং দেওৰজা আদি ৯ খন পঞ্চায়তত আহোম জনগোষ্ঠীয় লোক আছে। তাৰ পিচত কেনেকৈ সংখ্যা হ্ৰাস হ'ল বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে।

'তিনি গগৈ' সন্দৰ্ভত মন্তব্য আগবঢ়াই সাংসদগৰাকীয়ে কয় যে তিনি গগৈৰ এজনে সমষ্টি বিচাৰি আছে, এজন এন জি অ'ৰ মালিক আৰু আন এজনে এইবাৰ জিকিব নোৱাৰে। লুৰীণজ্যোতি গগৈৰ গণভিত্তি নাই, তেওঁ এটা এন জি অ' বুলি প্ৰতিপন্ন হৈছে । অখিল গগৈয়ে এইবাৰ শিৱসাগৰত জিকিব নোৱাৰে, সেয়েহে আন সমষ্টি বিচাৰি আছে । গৌৰৱ গগৈয়ে কাজিৰঙাৰ পৰা নিৰ্বাচন খেলিব ভয় কৰিছে । সেইকাৰণে এওঁলোক একলগ হৈ গগৈ ৰাজনীতি আৰম্ভ কৰিছে।

লগতে সংবাদমেলত বিধায়ক সুশান্ত বৰগোঁহাই কয় যে, অবিভক্ত শিৱসাগৰ জিলাত ৫ জন আহোম প্ৰতিনিধি থাকিব। বৰ্তমান শিৱসাগৰত তিনিজন আহোম জনগোষ্ঠীয় প্ৰতিনিধি আছে ৷

লগতে পঢ়ক: Akhil Gogoi Challenges to Assam CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.