অসম

assam

খহনীয়াত সৰ্বস্বান্ত বৰঘূলীৰ সংখ্যালঘু লোক

By

Published : Jul 31, 2019, 11:21 PM IST

বিগত দহ দিনে কলিয়াবৰৰ বৰঘূলী অঞ্চলত ব্ৰহ্মপুত্ৰই চলাইছে ধ্বংসলীলা ৷ কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় ৭০০ মিটাৰ অংশ জাহ গ'ল ব্ৰহ্মপুত্ৰত ৷ খহনীয়া পীড়িতৰ খাদ্য যোগানৰ বাবে ইতিমধ্য উদং হৈছে মহকুমা প্ৰশাসনৰ বান সাহাৰ্যৰ ভঁৰাল কিন্তু এই কথাৰ প্ৰতি ৰজাঘৰীয়াৰ গুৰুত্ব নথকাৰ অভিযোগ ৰাইজৰ ৷ আনহাতে বৰঘূলীৰ স্থানীয় সংখ্যালঘু লোকসকলে খহনীয়াত ঘৰ-বাৰী হেৰুৱাই সন্মুখীন হৈছে অন্য এক বিপদৰ ৷ অন্য স্থানত পুনৰ ঘৰ বনাই বসবাস কৰিবলৈ ল'লে সন্দেহযুক্ত বাংলাদেশী বুলি ৰোষত পৰাৰ শংকা প্ৰকাশ কৰিছে খহনীয়া পীড়িতই ৷

বৰঘূলীৰ স্থানীয় সংখ্যালঘু লোক

কলিয়াবৰ, 31 জুলাইঃ চকুৰ সমুখতে খহনীয়াত জাহ গৈছে নিজ ঘৰখন৷ মুকুলি আকাশৰ তলত বিনা আহাৰে দিন কটাইছে খহনীয়া পীড়িতই ৷ বিগত দহ দিনে কলিয়াবৰৰ বৰঘূলী অঞ্চলত ব্ৰহ্মপুত্ৰই চলাইছে ধ্বংসলীলা ৷ কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় ৭০০ মিটাৰ অংশ জাহ গ'ল ব্ৰহ্মপুত্ৰত ৷ ক্ষতিগ্ৰস্ত হৈছে ১ নং আৰু ২ নং বৰঘূলীৰ ছটা জনবহুল চুবুৰীৰ বাসিন্দা ৷ আনহাতে নিধিৰাম চৰ্দাৰৰ ৰূপত স্থানীয় বিধায়ক তথা জল সম্পদ বিভাগৰ মন্ত্ৰী ৷ খহনীয়া পীড়িতৰ খাদ্য যোগানৰ বাবে ইতিমধ্য উদং হৈছে মহকুমা প্ৰশাসনৰ বান সাহাৰ্যৰ ভঁৰাল কিন্তু এই কথাৰ প্ৰতি ৰজাঘৰীয়াৰ গুৰুত্ব নথকাৰ অভিযোগ ৰাইজৰ ৷

বৰঘূলী

আনহাতে বৰঘূলীৰ স্থানীয় সংখ্যালঘু লোকসকলে খহনীয়াত ঘৰ-বাৰী হেৰুৱাই সন্মুখীন হৈছে অন্য এক বিপদৰ৷ অন্য স্থানত পুনৰ ঘৰ বনাই বসবাস কৰিবলৈ ল'লে সন্দেহযুক্ত বাংলাদেশী বুলি ৰোষত পৰাৰ শংকা প্ৰকাশ কৰিছে খহনীয়া পীড়িতই ৷ সেয়ে ঘৰ-দুৱাৰ হেৰুওৱা লোকসকলৰ প্ৰকৃত তালিকা তৈয়াৰ কৰি পুনঃসংস্থাপনৰ দিবলৈ জল মন্ত্ৰীক গোহাৰী জনায় ৰাইজে ৷

Intro:ধ্বংসাত্মক বৰঘূলী খহনীয়া অব‍্যাহত

সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বাঢ়িছে, বানৰ আশঙ্কা

বৰ লুইতৰ ৰূদ্ৰমুৰ্তি, খহনীয়াৰ গ্ৰাসত বৰঘূলী

কেমেৰাৰ সমুখতে ভাঙি পৰিল অসম আৰ্হিৰ পকী ঘৰ

নিতৌ খহনীয়াৰ কৱলত বাসগৃহ, কৃষি ভূমি

১ নং আৰু ২ নং বৰঘূলী গাঁৱৰ হাজাৰজন এতিয়া মুকলি আকাশৰ তলত

তথাপিও কমা নাই ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ

কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় ৭০০ মিটাৰ অংশ জাহ গ'ল ব্ৰহ্মপুত্ৰত

ভয়ানক খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে
১ নং আৰু ২ নং বৰঘূলীৰ ছটা জনবহুল চুবুৰীৰ বাসিন্দা

বিনা আহাৰে কটাইছে খহনীয়া পীড়িত
খহনীয়া পীড়িতৰ বাবে খাদ‍্য-সামগ্ৰী সাহায‍্যৰ নাই কোনো চৰকাৰী নীতি, বিপাঙত প্ৰশাসনBody:নিজৰেই ঘৰখন চকুৰ আগত ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিছে। খেৰ-বাঁৰ ঘৰখন ভাঙি কোনোৱে থেলাই-ট্ৰেক্টৰে যেনেকৈ পাৰিছে নিৰাপদ স্থানলৈ নিছে। কিন্তু পকী ঘৰবোৰ সমূলঞ্চে জাহ গৈছে বৰ লুইতত। পকী ঘৰবোৰৰ এটা-এটাকৈ জাহ যোৱা ইটাৰ দৃশ‍্য চাই চট-ফটাইছে বৰঘূলীৰ দুৰ্ভগীয়া ৰাইজ। নিৰুপায় দুচকুৰে চকুলো নিগৰেছে। নিস্তাৰ বিচাৰি মাথো নেদেখাজনৰ নাম লৈছে। কিন্তু তেৱোঁ নিৰ্বিকাৰ।

যোৱা দহ দিন ধৰি কলিয়াবৰৰ বৰঘূলী অঞ্চলত মহাবাহুৰ ভয়ানক খহনীয়াৰ সন্ত্ৰাস অব‍্যাহত আছে। নিধিৰাম চৰ্দাৰৰ ৰূপত স্থানীয় বিধায়ক তথা মন্ত্ৰীৰ জল সম্পদ বিভাগ। নিতৌ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত প্ৰতিদিনে শ-শ লোক গৃহহীন হৈ পৰিছে। অথচ বিচাৰি পোৱা নাযায় বিভাগীয় এজনো বিষয়া-কৰ্মচাৰী।
খহনীয়া পীড়িতৰ সাহায‍্য দানৰ কোনো সঠিক চৰকাৰী নীতি নথকা স্বত্বেও মানৱীয় দৃষ্টিৰে কলিয়াবৰ মহকুমা প্ৰশাসনে খাদ‍্য-সামগ্ৰী যোগান ধৰিছে যদিও সেইয়া পৰ্য‍্যাপ্ত নোহোৱাত লঘূনে-ভোকে, অনিদ্ৰাৰে পাৰ হৈছে দিন-ৰাতি।

এনে দুখ-দুৰ্দশাৰ মাজতে বাসগৃহ হেৰুওৱা বৰঘূলীৰ বাসিন্দাৰ পুণৰ সংস্থাপনক লৈ চিন্তিত হৈ পৰিছে স্থানীয় সচেতন নাগৰিকসকল। বৰঘূলীৰ স্থানীয় সংখ‍্যালঘূ লোকসকলে খহনীয়াত ঘৰ-বাৰী হেৰুৱাই আন স্থানত বস-বাস কৰিবলৈ ল'লে সন্দেহযুক্ত বাংলাদেশী বুলি ৰোষত পৰাৰ শঙ্কা প্ৰকাশ বহুজনৰ। সেয়ে ঘৰ-দুৱাৰ হেৰুওৱা লোকসকলৰ প্ৰকৃত তালিকা তৈয়াৰ কৰি কাষৰীয়া অ‍্যৱহৃত ভূমিত সংস্থাপনৰ বাবে জল সম্পদ মন্ত্ৰীয়ে আগ-ভাগ ল'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। তাৰোপৰি অস্থায়ী আশ্ৰয় শিৱিৰত খহনিয়গ্ৰস্ত লোকসকলে খোৱা-বোৱাত যথেষ্ট আহুকালত পৰিছে বুলি অভিযোগ উঠিছে‌।

আনহাতে এক আগষ্টৰ পৰা বিদ‍্যালয়সমূহ আৰম্ভ হ'ব যদিও অস্থায়ী শিৱিৰ তিনিটা স্থানান্তৰৰ কোনো ব‍্যৱস্থা চকুত নপৰাত শিৱিৰবাসী চিন্তিত হৈ পৰিছে। ইতিমধ‍্যে কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্য‍্যালয়ে পুণৰ সংস্থাপনৰ ব‍্যৱস্থা নোহোৱালৈকে বিদ‍্যালয়ৰ আশ্ৰয় শিৱিৰসমূহ থাকিব বুলি জনাইছে। চৰকাৰী তথ‍্য মতে বান পীড়িতক সাহায‍্য দিয়াৰ নিয়ম আছে যদিও খহনীয়া পীড়িতৰ বাবে সাহায‍্য নিয়ম নথকাত কলিয়াবৰৰ স্থানীয় প্ৰশাসনো আহুকালত পৰিছে। তথাপিও মানৱতাৰ খাটিৰত প্ৰশাসনৰ তৰফৰ পৰা সাহায‍্য বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে। এনে এক স্পৰ্শকাতৰ বিষয়ত অসম চৰকাৰে অনতিপলমে নীতি নিৰ্দ্ধাৰণ কৰাতো বৰ্তমান সময়ত অতি প্ৰয়োজন হৈ পৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

জল সম্পদ মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অব‍্যহত স্থানীয় বাসিন্দাৰ। ঘনিষ্ঠ থিকাদাৰৰ লুণ্ঠন দেখিও নিমাতে থাকি ভোটৰ ৰাজনীতি কৰি দলীয় স্বাৰ্থ সিদ্ধি কৰিবলৈ সৰ্ব-সাধাৰণৰ বৃহৎ স্বাৰ্থ বলি দিয়াৰ গুৰুতৰ অভিযোগ ৰাইজৰ। বৰঘূলীৰ স্থানীয় ৰাইজে জল সম্পদ মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ, পৰ্য‍্যাপ্ত গুৰুত্ব নিদিয়াৰ অভিযোগ। খহনীয়া ৰোধৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ ঘনিষ্ঠৰ লুণ্ঠনৰ অব‍্যাহত। খহনীয়া ৰোধিবলৈ যোগান ধৰা জিঅ' বেগ মাহ-মাহ ধৰি পৰি থকাৰ পিচত শেষ মূহুৰ্তৰ চেষ্টা বিফল হোৱাত তীব্ৰ অসন্তুষ্ট স্থানীয় খহনীয়া পীড়িত। জল সম্পদ মন্ত্ৰীৰ ঘনিষ্ঠ তথা স্থানীয় ঠিকাদাৰে খহনীয়া ৰোধৰ বাবে বালি নভৰোৱাকৈয়ে কেৱল সংখ‍্যা বঢ়াই অধিক লাভৰ স্বাৰ্থত বাণ্ডিলে-বাণ্ডিলে ব্ৰহ্মপুত্ৰত পেলাই দিয়া জিঅ' বেগ লাওখোৱাত উদ্ধাৰ হৈছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ তুলিছে।

জল সম্পদ মন্ত্ৰীৰ লগতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে খহনীয়া অঞ্চল পৰিদৰ্শনতে দায়িত্ব সামৰিলে যদিও খহনীয়াৰ প্ৰকোপত অস্বাভাৱিকভাবে জাহ গৈছে বাসভূমি, মছজিদৰ লগতে কৃষি ভূমি।Conclusion:visuals
bites

ABOUT THE AUTHOR

...view details