অসম

assam

গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী; সামৰণী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী কেশৱ মহন্তৰ

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:43 PM IST

মৰিগাঁও জিলাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

Kashab Mahanta at Marigaon
গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী

গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত

মৰিগাঁও, ৪ ডিচেম্বৰ :তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মৰিগাঁও জিলাৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ । জিলাখনৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠানখনৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত সোমবাৰে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত । মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দিষ্ট লক্ষ্য আছে ।

সকলো বিদ্যালয়ত উন্নত পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ বদ্ধপৰিকৰ । আজি নহ'লে কাইলৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত হ'বই বুলি তেওঁ জোৰ দি কয় । আনহাতে, আগন্তুক পোন্ধৰ বছৰত ৰাজ্যৰ বিদ্যালয়সমূহৰ চেহেৰা সলনি হ'ব বুলিও মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰে । লগতে আন্তঃগাঁথনিৰ দিশটো বিধায়কসকলে চাব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে হীৰক জয়ন্তী উপলক্ষে সোমবাৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে । অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ গীত-নৃত্য পৰিবেশনেৰে সমগ্ৰ গেৰুৱা অঞ্চলটো মুখৰিত হৈ পৰে । আনহাতে, দুপৰীয়া অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে আদৰণী সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অধ্যক্ষ বুবুমণি গোস্বামীয়ে ।

এই মুকলি সভাতে 'হীৰক অঞ্জলি' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভবেন চন্দ্ৰ নেওগে । মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰা মুকলি সভাত আদৰণী ভাষণ আগবঢ়ায় ৰাজেন্দ্ৰ বৰদলৈয়ে । বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকা, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা, মৰিগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ অনিল চন্দ্ৰ নাথকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । সভাত অংশগ্ৰহণকাৰীসকলে বিদ্যায়তনিক দিশত সাৱলীল বক্তব্য আগবঢ়ায় ।

উল্লেখ্য যে এই মুকলি সভাত উপস্থিত থাকি মৰিগাঁও জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞাই কয় যে আন শিক্ষাৰ্থীসকলৰ সমানে সমানে 'শ্ল' লাৰ্ণাৰ'সকলকো শিক্ষক-শিক্ষয়িত্ৰীসকলে ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়াটো শিক্ষক সমাজৰ প্ৰধান আৰু প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য । ইফালে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি বিপিন চন্দ্ৰ বৰদলৈয়ে ।

অন্তিম নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । আনহাতে, দ্বিতীয়দিনাৰ কাৰ্যসূচী হিচাপে ৰাজ্যৰ জনপ্ৰিয় কৌতুক অভিনেতা কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা আৰু কণ্ঠশিল্পী তৰালী শৰ্মাই গীত পৰিবেশন কৰে । তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰ আঁত ধৰে বিদ্যালয়খনৰ শিক্ষক তথা আদৰণী সমিতিৰ সম্পাদকৰ বাবুল বৰাই ।

লগতে পঢ়ক :জিলা কংগ্ৰেছৰ অফিচে অফিচে মাছে-মঙহে বনাইছিল, খাবলৈহে কোনো নাহিল: পীয়ুষ হাজৰীকা

ABOUT THE AUTHOR

...view details