অসম

assam

মুখা শিল্পী ড0 হেমচন্দ্ৰ গোস্বামীলৈ সংগীত নাটক অকাডেমী বঁটা

By

Published : Jul 16, 2019, 7:47 PM IST

মুখা শিল্পত সংগীত নাটক অকাডেমী বঁটা লাভ কৰা তৃতীয় গৰাকী মুখা শিল্পী ৰূপে স্বীকৃতি লাভ কৰিলে মাজুলী চামগুৰি সত্ৰৰ মুখা শিল্পী ড0 হেমচন্দ্ৰ গোস্বামীয়ে

মুখা শিল্পী ড0 হেমচন্দ্ৰ গোস্বামীলৈ সংগীত নাটক অকাডেমী বঁটা

মাজুলী, 16 জুলাইঃ মুখাশিল্পত সংগীত নাটক অকাডেমী বঁটা লাভ কৰা তৃতীয় গৰাকী মুখা শিল্পী ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল মাজুলী নতুন চামগুৰী সত্ৰৰ বিশিষ্ট মুখাশিল্পী ড0 হেমচন্দ্ৰ গোস্বামীয়ে৷ আজীৱন প্ৰগতিশীল ধাৰাৰে মুখাশিল্পক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰি আহিছে শিল্পী গৰাকীয়ে ৷

মুখা শিল্পী ড0 হেমচন্দ্ৰ গোস্বামীলৈ সংগীত নাটক অকাডেমী বঁটা

নতুন চামগুৰী সত্ৰৰ হেমচন্দ্ৰ গোস্বামী সংগীত নাটক অকাডেমী বঁটা লাভ কৰা সত্ৰখনৰে দ্বিতীয় গৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে নতুন চামগুৰী সত্ৰৰ সত্ৰাধিকাৰ কোষকান্ত গোস্বামীয়ে এই বঁটা লাভ কৰিছিল । বানৰ মাজতো শিল্পী গৰাকীৰ সফলতাৰ এই খবৰে প্ৰতিজন মাজুলীয়ালকে গৌৰৱান্বিত কৰি তুলিছে ৷

Intro:মুখা শিল্পী ডঃহেমচন্দ্ৰ গোস্বামীলৈ সংগতি নাটক অকাডেমী বঁটাঃ
VO... মুখাশিল্পত সংগিত নাটক অকাডেমী বঁটাত তৃতীয় গৰাকী মুখা শিল্পী ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হল মাজুলী নতুন চামগুৰী সত্ৰৰ বিশিষ্ট মুখাশিল্পী ডক্টৰ হেমচন্দ্ৰ গোস্বামী। আজিৱন মুখাশিল্পৰ প্ৰগতিশীল ধাৰাৰে আগবঢ়াই নিয়া শিল্পী গৰাকীৰ সফলতাত মাজুলীত এক আনন্দৰ জোৱাৰ উঠিছে। নতুন চামগুৰী সত্ৰৰ হেমচন্দ্ৰ গোস্বামী সংগিত নাটক অকাডেমী বঁটা লাভ কৰা দিতীয় গৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে নতুন চামগুৰী সত্ৰৰ সত্ৰাধিকাৰ কোশকান্ত গোস্বামীয়ে এই বটাঁ লাভ কৰিছিল। ডক্টৰ হেমচন্দ্ৰ গোস্বামীয়ে মহাপুৰুষ শংকৰদেৱ আধ্যাত্মিক দৰ্শনৰ অন্তগত ভাওনাৰ ব্যৱহিত অতিমানৱ চৰিত্ৰ আৰু জীৱ জন্তু চৰাই আদিৰ মুখাৰ নিৰ্মান কৰাই নহয় মুখাক প্ৰগতিশীল ধাৰাৰে আগবহাই নি বিশ্বমুখি কৰাৰ লগতে অবাক মুখাক সবাক কৰি টোলে।

বাইট-- 1

Body:শিল্পী গৰাকীৰ সফলতাৰ এই খবৰে প্ৰতিজন মাজুলীয়ালক গৌৰৱান্বিত কৰি তুলিছে।
বাইট--- 2Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া

ABOUT THE AUTHOR

...view details