অসম

assam

লখিমপুৰত খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল সোৱণশিৰি

By

Published : Sep 19, 2022, 4:34 PM IST

Public protest on bank of Subansiri

খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam)। একেদৰে লখিমপুৰত সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে এটা মথাউৰি(Erosion in Subansiri River)। অস্তিত্ব বিপন্ন হোৱা মথাউৰিটো ছিগিব লাগিলে ত্ৰিশখনৰো অধিক গাঁও নদীৰ কবলত পৰিব । সেয়েহে খহনীয় প্ৰতিৰোধৰ দাবীত নৈপৰীয়া ৰাইজৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ সোৱণশিৰি নদীৰ পাৰ ।

লখিমপুৰ,১৯ছেপ্টেম্বৰ:নৈপৰীয়া ৰাইজৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ সোৱণশিৰ (Public protest on bank of Subansiri)নদীৰ পাৰ। দহ বছৰ ধৰি বধাকৰাৰ হৰিদাহ অঞ্চলত খহনীয়াত বিস্তৰ এলেকা জাহ যোৱাৰ পিছতো কোনো প্ৰতিৰোধ মূলক ব্যবস্থা নোলোৱাত সোমবাৰে অঞ্চলটোৰ ৰাইজ ওলাই আহি প্ৰতিবাদেৰে উত্তাল কৰে নদীৰ পাৰ । উল্লেখ্য় যে লখিমপুৰৰ দৰ্গে ঘাটত সোৱণশিৰিৰ তীব্র খহনীয়া (erosion at Subansiri in Lakhimpur) অব্য়াহত আছে । ইতিমধ্য়ে সোৱনশিৰিৰ খহনীয়াত বধাকৰাৰ দুই নং হৰিদাহৰ সমীপত পাঁচখনৰো অধিক গাঁৱৰ উপৰি বিস্তীৰ্ণ এলেকাৰ শষ্য পথাৰ জাহ গৈছে ।

বৰ্তমানেও অব্যাহত আছে ভয়ংকৰ খহনীয়া । ফলত বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া ৰাইজে । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ, ছাত্র-ছাত্রী সমবেত হৈ সোমবাৰে দৰ্গে ঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Public demand for protecting erosion in Subansiri)। উল্লেখ্য যে বিগত সময়ত তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, বিধায়ক আদিয়ে অঞ্চলটোৰ খহনীয়াৰ ভয়াবহতা পৰিদৰ্শন কৰি প্ৰতিৰোধৰ আশ্বাস দিছিল যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্রহণ নকৰিলে ।

লখিমপুৰত খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল সোৱণশিৰি

ইফালে, নদীখনে নিৰন্তৰ খহায়েই আছে । সমীপৱৰ্তী বৃহৎ অঞ্চললৈকে নহয়, লখিমপুৰ নগৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । নদীখনৰ এনে ভয়াবহ খহনীয়াৰ বিপৰীতে চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে আজি ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজে বিজেপি চৰকাৰ, মন্ত্রী, বিধায়ক, সাংসদ বিৰোধী শ্লোগান দি অচিৰেই খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায় । অন্যথা বৃহত্তৰ অঞ্চলটোত কোনো মন্ত্রী- বিধায়কক সোমাবলৈ নিদিয়াৰ হুংকাৰ দিয়ে ক্ষুব্ধ ৰাইজে ।

ইপিনে, খহনীয়াৰ কৱলত বিপদজনক হৈ পৰিছে সোৱণশিৰিৰ ঘনচৰাইৰ মথাউৰি । মাথাউৰী ছিগিলে ৩২খন গাঁও জলমগ্ন হোৱাৰ আশংকা । একপ্ৰকাৰ চিগো চিগো অৱস্থাত থকা মথাউৰীটোক লৈ এতিয়া শংকিত নদীপৰীয়া ৰাইজ । ক্ষুব্ধ ৰাইজে কৰা অভিযোগ মতে, তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী পীযুষ হাজৰিকাকে ধৰি মন্ত্ৰী বিধায়কে এই অংশত মথাউৰিটো পৰিদৰ্শন কৰি ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল যদিও কামত নাহিল(Embankment erosion in Lakhimpur)। আনহাতে, বাৰিষা কালত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ নামত কেইটামান জিঅ' বেগ পেলাইছিল । পিছে হিতে বিপৰীত হৈছেগৈ । জিঅ' বেগ পেলোৱাৰ ফলত খহনীয়াৰ প্ৰকোপ বৃদ্ধিহে হ'ল । ৰাইজে আৰু অভিযোগ কৰা মতে, খহনীয়া প্ৰতিৰোধৰ নামত দহ কোটি টকা আৱন্টন হৈছিল যদিও একো কামেই নকৰিলে জলসম্পদ বিভাগে । যাৰ বাবে এতিয়া খহনীয়াৰ সমীপৰ ত্ৰিশখনৰো অধিক গাঁৱৰ ৰাইজে বিনিদ্র ৰজনী পাৰ কৰিব লগীয়া হৈছে ।

লগতে পঢ়ক:লখিমপুৰত সোৱণশিৰিৰ ভয়াৱহ খহনীয়াত শংকিত ৰাইজ

ABOUT THE AUTHOR

...view details