লখিমপুৰত সোৱণশিৰিৰ ভয়াৱহ খহনীয়াত শংকিত ৰাইজ

author img

By

Published : Sep 11, 2022, 8:23 PM IST

Erosion hits riverside people in Assam

ৰাজ্য়ত বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিছে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam)৷ নৈৰ বুকুত লীন হৈছে বহুলোকৰ সপোন ৷ ইয়াৰ মাজতেইলখিমপুৰত সোৱনশিৰি নদীৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে এটা মথাউৰি।

লখিমপুৰ, ১১ ছেপ্টেম্বৰ: খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷

লখিমপুৰত সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে এটা মথাউৰি(Erosion in Subansiri River)। অস্তিত্ব বিপন্ন হোৱা মথাউৰিটো ছিগিব লাগিলে ত্ৰিশখনৰো অধিক গাঁও নদীৰ কবলত পৰিব । চলিত বৰ্ষাকালৰ অন্ত পৰিল। লখিমপুৰৰ পুৰ্ববৎ বানৰ দৰে এইবাৰো বানে বিস্তৰ ক্ষতি কৰিলে ।

বাৰিষা অন্ত পৰাৰ লগে লগে বান বিভীষিকাৰ পৰা মুক্ত হৈ শান্তিৰে উশাহ লৈছিল । পিছে পুনৰ আৰম্ভ হৈছে খহনীয়াৰ দুৰ্যোগ । নদী সমুহৰ জলপৃষ্ঠ তললৈ নমাৰ লগে লগে বাঢ়িছে খহনীয়াৰ প্ৰকোপ । বিভিন্ন স্থানত খহনীয়াৰ সৃষ্টি হৈছে যদিও বিপদজনক ৰূপ ধাৰণ কৰিছে ন আলি হালধীআতিত । এই অংশত চপৰা চপৰে খহিছে সোৱণশিৰি নদীৰ গৰা । ফলত লখিমপুৰৰ ন-আলি হালধিআটীত মথাউৰি লৈ তীব্র ভাবুকি আহিছে ।

লখিমপুৰত সোৱণশিৰিৰ ভয়াবহ খহনীয়াত শংকিত ৰাইজ

খহনীয়াৰ কৱলত বিপদজনক হৈছে সোৱণশিৰিৰ ঘনচৰাইৰ মথাউৰি।মাথাউৰী ছিগিলে ৩২খন গাঁও জলমগ্ন হোৱাৰ আশংকা । একপ্ৰকাৰ চিগো চিগো মথাউৰীটোকলৈ এতিয়া শংকিত নদীপৰীয়া ৰাইজ । ক্ষুব্ধ ৰাইজে কৰা অভিযোগ মতে, তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী পীযুষ হাজৰিকা আদিয়ে এই অংশত মথাউৰিটো পৰিদৰ্শন কৰি ব্যবস্থা লোৱাৰ আশ্বাস দিছিল যদিও কামত নাহিল (Embankment erosion in Lakhimpur)।

আনহাতে, বাৰিষা কালত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ নামত কেইটামান জিঅ' বেগ পেলাইছিল । পিছে হিতে বিপৰীত হৈছে । জিঅ' বেগ পেলোৱাৰ ফলত খহনীয়াৰ প্ৰকোপ বৃদ্ধিহে হ'ল । ৰাইজে আৰু অভিযোগ কৰা মতে, খহনীয়া প্ৰতিৰোধৰ নামত দহ কোটি টকা আৱন্টন হৈছিল যদিও একো কামেই নকৰিলে জলসম্পদ বিভাগে । যাৰ বাবে এতিয়া খহনীয়াৰ সমীপৰ ত্ৰিশ খনৰো অধিক গাঁৱৰ ৰাইজে বিনিদ্র ৰজনী পাৰ কৰিব লগীয়া হৈছে ।

লগতে পঢ়ক:নাৰায়ণপুৰত মাহ-প্ৰসাদ খাই অসুস্থ কেইবাগৰাকীও লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.