ETV Bharat / state

নাৰায়ণপুৰত মাহ-প্ৰসাদ খাই অসুস্থ কেইবাগৰাকীও লোক

author img

By

Published : Sep 11, 2022, 6:09 PM IST

Food poisoning in Narayanpur
নাৰায়ণপুৰত মাহ প্ৰসাদত বিষক্ৰিয়াত আক্ৰান্ত দহ

নাৰায়ণপুৰৰ সাউকুছি গাঁৱত মাহ-প্ৰসাদত বিষক্ৰিয়াৰ(Food poisoning in Narayanpur)ঘটনা সংঘটিত হৈছে । বৰতীয়াৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে কেইবাগৰাকী লোক । ইপিনে,কেইদিনমান পূৰ্বে নাৰায়ণপুৰৰ পানবাৰীত মাহ-প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছিল ।

বিহপুৰীয়া, ১১ ছেপ্টেম্বৰ:লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অঘটন (Food poisoning in Narayanpur)। পুনৰ নাৰায়ণপুৰৰ সাউকুছি গাঁৱত মাহ-প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে । কেইদিনমান পূৰ্বে নাৰায়ণপুৰৰ পানবাৰীত এনে ঘটনা সংঘটিত হোৱাৰ আতংক মাৰ নৌ যাওঁতেই পুণৰ সংঘটিত হৈছে এনে ঘটনা । বৰতীয়াৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে কেইবাগৰাকী লোক ।

সাউকুছি গাঁৱৰ বুবুমণি ৰাই ভূঞাৰ ঘৰত মৃতকৰ বৰতীয়াৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে দহগৰাকীৰো অধিক লোক । অধিকাংশ বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত(People admitted in Lakhimpur Medical College) চিকিৎসাধীন হৈ আছে । তদুপৰি ঘৰতো কেইবাগৰাকী লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

নাৰায়ণপুৰত মাহ প্ৰসাদত বিষক্ৰিয়াত আক্ৰান্ত দহ

উল্লেখ্য় যে আক্ৰান্ত লোকসকলৰ বমি,পেটৰ বিষ,মূৰৰ বিষ,শৌচ হোৱাৰ পিছত দূৰ্বল হোৱা বাবে তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Narayanpur Mahatma Gandhi Model Hospital)ভৰ্তি কৰোৱা হয় । অৱশ্য়ে পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে চিকিৎসকে ।

ইপিনে,কেইদিনমান পূৰ্বে নাৰায়ণপুৰৰ পানবাৰীত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছিল । ভাদ মাহৰ নামৰ প্ৰসাদ খাই অসুস্থ হৈছিল গাঁওখনৰ প্ৰায় ৬০ গৰাকীকৈ লোক । আক্ৰান্ত লোকসকলৰ বমি,পেটৰ বিষ,মূৰৰ বিষ,শৌচ হোৱাত তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Many people suffer from food poisoning)।

লগতে পঢ়ক:টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.