অসম

assam

লখিমপুৰত নিবনুৱা সন্থাৰ প্ৰতিবাদ

By

Published : Nov 3, 2021, 5:07 PM IST

দুৰ্নীতি আৰু অনিয়মীয়া নিযুক্তিকৰণৰ বিৰুদ্ধে লখিমপুৰ জিলাত প্ৰতিবাদ সদৌ অসম নিবনুৱা সন্থাৰ ৷

লখিমপুৰত নিবনুৱা সন্থাৰ প্ৰতিবাদ
লখিমপুৰত নিবনুৱা সন্থাৰ প্ৰতিবাদ

লখিমপুৰ, 3 নৱেম্বৰ : সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ অবৈধ নিযুক্তিকৰণকে মুখ্য কৰি দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠে সংগঠনৰ সদস্য সকল ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি ধৰ্ণাৰে পৰিৱেশ উত্তাল কৰে সংগঠনটোৱে ৷

সদৌ অসম নিবনুৱা সন্থাৰ উত্তাল প্ৰতিবাদ

অভিযোগ অনুসৰি লখিমপুৰ মেডিকেল কলেজ হাস্পতালত পৰীক্ষা অবিহনেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰদান কৰা হৈছে ৷ যাৰ ফলত লখিমপুৰ-ধেমাজিৰ একাংশ শিক্ষিত নিবনুৱা নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৷ তেওঁলোক বিভিন্ন সা-সুবিধাৰ পৰাও বঞ্চিত হৈছে বুলি সংগঠনটোৱে মত প্ৰকাশ কৰিছে ৷ শীঘ্ৰেই নিয়ম অনুযায়ী পৰীক্ষা অনুষ্ঠিত কৰি বৈধ নিযুক্তিকৰণৰ দাবী তুলিছে সংগঠনটোৱে ৷

লগতে চাওঁক:দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details