ETV Bharat / state

অবৈধ কয়লাৰ বেহাৰ সৈতে জড়িত মাফিয়াক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - Laborers Trapped IN COAL MINES

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 12:17 PM IST

Illegal coal supply in assam: কয়লাৰ অবৈধ বেহাৰ সৈতে জড়িত মাফিয়াসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷

Satra Mukti Sangram Samiti demanded the arrest of the mafias involved in the illegal coal trade
অবৈধ কয়লাৰ বেহাৰ স’তে জড়িত মাফিয়াক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (Etv bharat assam)

তিনিচুকীয়া, 3 জুন: 8 দিনৰ অন্ততঃ জীৱন্তে ভূমিস্থ হোৱা তিনি শ্ৰমিকৰ ভিতৰত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তিনিচুকীয়া জিলাৰ লিডুৰ টিককত অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিং অথবা মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূমিস্থ হৈছিল তিনি কয়লা শ্ৰমিক ৷

অৱশ্যে এয়া কোনো নতুন ঘটনা নহয় । ইয়াৰ পূৰ্বেও বহু খনিৰ শ্ৰমিক অবৈধ আণ্ডাৰগ্ৰাউণ্ড কয়লাখনিত আৱদ্ধ হৈ মৃত্যুমুখত পৰিছে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণে ।

উমানন্দ মুদৈ মৰাণে এই সন্দৰ্ভত কয়, "পূৰ্বৰ ঘটনা অৰ্থাৎ প্ৰাঞ্জল মৰাণৰক উদ্ধাৰ কৰিবলৈ প্ৰয়োজন হৈছিল 84 দিনৰ সময় ৷ এতিয়া 84 দিনৰ ঠাইত 8 দিনতে এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এইক্ষেত্ৰত আৰক্ষী, প্ৰশাসন, SDRF, NDRF ৰ সৱল নেতৃত্বৰ তথা তেওঁলোকৰ ভূমিকাক সকলোৱে স্বীকাৰ কৰিবই লাগিব । ইয়াৰ লগতে, মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যিদৰে অভিযান চলাই প্ৰায় 3 কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে সেয়াও প্ৰশংসাৰ যোগ্য ৷"

উমানন্দ মুদৈ মৰাণে লগতে কয়, " এই সমগ্ৰ ঘটনাৰ সৈতে কেইজনমান কয়লা মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে । তেনেদৰেই কয়লা মাফিয়াসকলক আটক কৰি উচিত তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছো ৷ আচলতে কাৰ ছত্ৰছায়াত এই সমগ্ৰ কয়লাৰ চোৰাং বেহা চলি আছে সেয়া শীঘ্ৰেই তদন্তৰ আওতালৈ আনি দোষীক শাস্তিক দিব লাগে ৷"

লগতে পঢ়ক: কেনে আছে দাৱা, জন আৰু ফিনাল ? 7 দিন পৰ্যন্ত নাই শুংসূত্ৰ... - Laborers Trapped IN COAL MINES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.