ETV Bharat / state

কাজিৰঙাত পৰ্যটকৰ বাবে নতুন আকৰ্ষণথলী, কি এই কাজিৰঙা গেলেকী ট্ৰেক ? - Kaziranga geleki trek

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 11:08 AM IST

World Bicycle Day 2024 : বিশ্ব চাইকেল দিৱস 2024 ৰ লগত সংগতি ৰাখি 'কাজিৰঙা গেলেকী ট্ৰেক'ৰ উদ্বোধন ৷ এতিয়াৰ পৰা কাজিৰঙালৈ অহা পৰ্যটকসকলে ইচ্ছা কৰিলেই এই ট্ৰেকেৰে চাইক্লিং কৰিব পাৰিব ৷

World Bicycle Day 2024
কাজিৰঙাত পৰ্যটকৰ বাবে নতুন আকৰ্ষণথলী, কি এই কাজিৰঙা গেলেকী ট্ৰেক ? (etv bharat assam)

কাজিৰঙা, 3 জুন : বিশ্বজুৰি 3 জুনত বিশ্ব চাইকেল দিৱস পালন কৰা হয় । চাইকেল চলোৱাটো স্বাস্থ্যৱান হৈ থকাৰ লগতে আপোনাৰ চাৰিওফালৰ পৃথিৱীৰ সৈতে সম্পৰ্ক ৰখাৰ এক অন্যতম উপায় । চাইকেল চলোৱাটো আপোনাৰ স্থানীয় এলেকা অন্বেষণ কৰাৰ এক আকৰ্ষণীয় উপায় ।

এই বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি অসমৰ ভিন্ন ঠাইত ভিন্ন কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ সমান্তৰালকৈ সোমবাৰে WTRP (WALK TREK RUN PEDAL) Kaziranga ৰ অধীনত এক 'পেডেল ৰুট'ৰ শুভাৰম্ভ কৰা হয় ৷ এই ৰুটটো কাজিৰঙাৰ গেলেকীৰ পৰা আৰম্ভ হৈ একে ঠাইতে শেষ হ'ব ।

আগন্তুক সময়ত পৰ্যটকসকলে নিজৰ চাইকেল লৈ আহি বা চাইকেল ভাড়াত লৈ এই 'পেডেল ৰুট' বা নিৰ্দিষ্ট পথত চাইকেল চলাব পাৰিব । এয়া কাজিৰঙাৰ গেলেকী মিকিৰ গাঁৱৰ একাংশ উদ্যমী যুৱকৰ সন্মিলিত প্ৰয়াস । ইয়াৰ ফলত কাজিৰঙাৰ এই অঞ্চলটোত পৰ্যটনৰ সৈতে সম্পৰ্ক থকা বিভিন্ন ব্যৱসায়িক সম্ভাৱনাৰ পথ মুকলি হ'ব, স্থানীয় যুৱক-যুৱতী সকলে স্ব-নিয়োজনৰ সুযোগ পাব ।

উল্লেখ্য যে এই উদ্যমী যুৱকসকলে ইতিমধ্যে আৰম্ভ কৰা 'কাজিৰঙা গেলেকী ট্ৰেকে' জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । সোমবাৰে 'পেডেল ৰুট'ৰ শুভাৰম্ভ উপলক্ষে কেইবাজন যুৱকে একেলগে এই 12 কিলোমিটাৰৰ এই পথছোৱাত চাইকেল চলোৱা আৰম্ভ কৰে ৷ চাইকেল চলোৱাৰ এই ব্যৱস্থাই গেলেকী মিকিৰ গাঁৱক পৰ্যটকৰ আকৰ্ষণথলীলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

এই বছৰ, বিশ্ব চাইকেল দিৱসৰ বাবে নিৰ্ধাৰিত বিষয় হৈছে "চাইকেল চলোৱাৰ জৰিয়তে স্বাস্থ্য, সমতা আৰু স্থিৰতাৰ সম্প্ৰচাৰ কৰা ।"

লগতে পঢ়ক: বিশ্ব চাইকেল দিৱস ২০২৪ - World Bicycle Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.