ETV Bharat / city

দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

author img

By

Published : Nov 3, 2021, 4:18 PM IST

Updated : Nov 3, 2021, 10:49 PM IST

Kamrup District Administration
কামৰূপ জিলা প্ৰশাসন

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ দীপাৱলীৰ উপলক্ষে বৃহস্পতিবাৰে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে সমগ্ৰ কামৰূপ জিলাত ৷

নিউজ ডেস্ক, 3 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে সমগ্ৰ কামৰূপ জিলাত । বৃহস্পতিবাৰৰ দিনা বন্ধ থাকিব কামৰূপ জিলাৰ সকলো চৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠান । কামৰূপ(মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য) জিলা প্ৰশাসনে বুধবাৰে জাননী জাৰি কৰি প্ৰকাশ কৰে এই কথা ।

Assam Govt declares holiday on Nov 5 for Deepawali
দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

অৱশ্যে, জিলা প্ৰশাসনে উক্ত দিনা যিকোনো পৰীক্ষাৰ কৰ্তব্য অথবা অন্যান্য সেৱা পৰিচালনাৰ সৈতে জড়িত থকা বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকলক এই স্থানীয় বন্ধৰ আওতাৰ পৰা ৰেহাই দিছে ৷ জিলা প্ৰশাসনে সকলোকে সাৱধানতা অৱলম্বন কৰি আৰু ক’ভিড বিধি মানি দীপাৱলী উদযাপনৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, 7 গৰাকীৰ মৃত্যু

Last Updated :Nov 3, 2021, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.