ETV Bharat / state

ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, 7 গৰাকীৰ মৃত্যু

author img

By

Published : Nov 3, 2021, 2:15 PM IST

বিগত 24 ঘণ্টাত ৰাজ্যত প্ৰায় 270 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত ৷ আক্ৰান্তসকলৰ মাজৰ 7 গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে মঙলবাৰে সদৰী কৰিছে এই তথ্য ৷

ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি
ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি

নিউজ ডেস্ক, 3 নৱেম্বৰ : ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হৈয়ে আছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ চৰকাৰে লক ডাউন বহু পৰিমাণে শিথিল কৰাৰ পিছত এতিয়া দেখা গৈছে কৰ’ণা ৰোগীৰ সংখ্যাৰ ক্ৰমবৰ্ধিত স্বৰূপ ৷ বিগত 24 ঘণ্টাত ৰাজ্যত প্ৰায় 270 গৰাকী ব্যক্তি ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ তদুপৰি আক্ৰান্তসকলৰ মাজৰ 7 গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে মঙলবাৰে সদৰী কৰিছে এই তথ্য ৷

স্বাস্থ্য বিভাগৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি, সম্প্ৰতি ৰাজ্যত আক্ৰান্তৰ সংখ্যা হৈছে 2,385 গৰাকী ৷ ইয়াৰ বিপৰীতে বিগত 24 ঘণ্টাত আৰোগ্য লাভ কৰিছে 159 গৰাকী ব্যক্তিয়ে ৷ বৰ্তমানলৈকে ৰাজ্যত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে 6,01,468 গৰাকী ৷

বৰ্তমানলৈকে 6,11,211 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে 6,011 গৰাকীৰ ৷ ৰাজ্যত দৈনিক আক্ৰান্তৰ হাৰ .75 শতাংশ ৷ আৰোগ্যৰ হাৰ 98.41 শতাংশ আৰু মৃত্যুৰ হাৰ .98 শতাংশ ৷

ইয়াৰোপৰি ৰাজ্যত বিগত 24 ঘণ্টাত 36,201 গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষা কৰাৰ বিপৰীতে বৰ্তমানলৈকে 2,47,90,707 গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে চাওক: ভাৰতত শেহতীয়াকৈ 11,903 গৰাকী আক্ৰান্ত ক’ভিডত : 311 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.