অসম

assam

লখিমপুৰতো হ’ব উচ্ছেদ: উচ্ছেদৰ জাননীত আতংকিত একাংশ লখিমপুৰীয়া

By

Published : Nov 18, 2021, 5:12 PM IST

লখিমপুৰ জিলাস্থিত ৰঙা ডি ৰিজাৰ্ভ(Ranga D Reserve) উচ্ছেদ(Eviction)ৰ বাবে প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি দিয়াক লৈ তোলপাৰ লাগিছে সমগ্ৰ অঞ্চলটোত ৷ 1960 চনৰ পৰা সংৰক্ষিত বনাঞ্চলটোত বসবাস কৰি থকা লোকসকল কোনো কাৰণতে এই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য নহয় ৷ প্ৰশাসনৰ উচ্ছেদৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদৰো হুংকাৰ দিছে অনুসূচীত জাতি ছাত্ৰ সন্থাই ৷

eviction-notice-make-people-worried-in-ranga-d-reserve
লখিমপুৰত এখন উচ্ছেদৰ জাননীয়ে লগাইছে তোলপাৰ

লখিমপুৰ, 18 নৱেম্বৰ : লখিমপুৰ জিলাস্থিত ৰঙা ডি ৰিজাৰ্ভ(Ranga D Reserve) উচ্ছেদ(Eviction)ৰ বাবে 15 দিনৰ সময়সীমা বান্ধি বন বিভাগে(Forest Department) জাৰি কৰিছে জাননী ৷ সংৰক্ষিত বনাঞ্চলখনত থকা লোকসকলে উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বনাঞ্চলখনত বসবাস কৰি অহা লোকসকলে দীৰ্ঘদিনে ভূমি পট্টা বিচাৰি দাবী জনাই অহাৰ বিপৰীতে বন বিভাগে জাৰি কৰা উচ্ছেদৰ জাননীত এতিয়া জাঙুৰ খাই উঠিছে দখলকাৰীসকলৰ লগতে একাংশ দল-সংগঠন ৷

লখিমপুৰত এখন উচ্ছেদৰ জাননীয়ে লগাইছে তোলপাৰ

জাননীখন জাৰি কৰাৰ 15 দিনৰ ভিতৰত উক্ত স্থানত উচ্ছেদ অভিযান চলাব বুলি জানিবলৈ দিয়া হৈছে যদিও স্থানীয় ৰাইজে প্ৰত্যাহ্বান জনাই আগন্তুক 15 দিনৰ ভিতৰত পট্টা প্ৰদানৰহে দাবী জনাইছে । লখিমপুৰ জিলাৰ উপায়ুক্তক ৰাইজে দিয়া অভিযোগ অনুসৰি উক্ত এলেকাত 1960 চনৰ পৰাই লোকসকলে বসবাস কৰি আহিছে ।

লখিমপুৰত এখন উচ্ছেদৰ জাননীয়ে লগাইছে তোলপাৰ

2006 চনত বন সংমণ্ডল প্ৰাধিকাৰীয়ে বনগাঁঁৱৰ লোকসকলে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰি উক্ত এলেকাত দুটাকৈ জি পি এচ প্ৰস্তুত কৰাৰ লগতে বিগত 2020 বৰ্ষৰ 17 জানুৱাৰীত মাটি আৱন্টনৰ বাবে চৰকাৰীভাৱে শুনানি গ্ৰহণ কৰিছিল ৷ শুনানি গ্ৰহণৰ পিছতো উক্ত এলেকাত বসবাস কৰা লোকসকলক সেই স্থানৰ পৰা আঁতৰি যাবলৈ 15 দিনৰ সময়সীমা বান্ধি দিছে বন বিভাগে ৷

লখিমপুৰত এখন উচ্ছেদৰ জাননীয়ে লগাইছে তোলপাৰ

ইয়াকে লৈ স্থানীয় ৰাইজে লখিমপুৰ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ উপৰিও অনুসূচীত জাতি ছাত্ৰ সন্থাই প্ৰশাসনক উভতি ধৰিছে ৷ 15 দিনৰ ভিতৰত উচ্ছেদৰ পৰিৱৰ্তে ভূমি পট্টা প্ৰদানৰহে দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ সংগঠনটোৰ এই দাবী প্ৰশাসনে মানি নল'লে জংগী আন্দোলনৰো হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে ৷ সংৰক্ষিত বনাঞ্চলখন উচ্ছেদৰ পূৰ্বেই সৃষ্টি হোৱা এনে পৰিৱেশৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক:চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এটি পৰিয়ালৰ কৰুণ গাথা

ABOUT THE AUTHOR

...view details