অসম

assam

Assam Japanese encephalitis update:লখিমপুৰত জাপানীজ এনকেফেলাইটিছত চৈধ্যজন আক্ৰান্ত

By

Published : Aug 3, 2023, 7:30 PM IST

সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে । আন জিলাৰ সমান্তৰালকতৈ লখিমপুৰ জিলাতো এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত এই পৰ্যন্ত চৈধ্য জন লোক আক্ৰান্ত বুলি ধৰা পৰাৰ লগতে এটি শিশু ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

Assam Japanese encephalitis update
জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ

জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ

লখিমপুৰ, ৩ আগষ্ট :লখিমপুৰত জাপানীজ এনকেফেলাইটিছত চৈধ্য জন আক্ৰান্ত । ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে । যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে জিলাখনত চৈধ্যজন লোক এই ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছে । আক্ৰান্ত সকলৰ ভিতৰত ইতিমধ্যে বাবাচ নৰহ নামৰ দুবছৰ আঠ মহীয়া এটি শিশুৰ মৃত্যু ঘটিছে ।

আনহাতে আক্ৰান্তসকল হ’ল জিলাখনৰ বৰগঞাৰ অৰিজিৎ পায়েল(৬), ঢকুৱাখানা গন্ধিয়াৰ চিমি গগৈ(৩০), বাদুলিপাৰাৰ ইমৰান আলী(৫), চুতীয়াকাৰী শনিপুখুৰীৰ হালিমা বেগম(৩মাহ), বধাকৰাৰ বগাৰাম পেগু(৮৫), ফটেহপুৰৰ সুনিয়া নাৰ্গিছ(৪), বোৱালগুৰিৰ চাপনা আখটাৰ(৫), জালভাৰীৰ ৰত্নেশ্বৰী দত্ত (৭০), সোণাপুৰৰ চাহিল ইছলাম(৮), অমৰাগুৰি দাংধৰাৰ পাহি টাংখাম মিলি(১১), চমুৱা বিহপুৰীয়াৰ লক্ষী শইকীয়া(২০), ঢকুৱাখনা বান্তৌৰ ঋষিক প্ৰীতম গগৈ(১১) আৰু লালুকৰ দিয়া বিশ্ব কৰ্মা(১৮) ।

ইতিমধ্যে আক্ৰান্তসকলৰ কেইজনমান সুস্থ হ’লেও এতিয়াও সাতজন চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, জিলাখনত স্বাস্থ্য বিভাগে জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে জ্বৰৰ লক্ষণ থকা ৰোগীৰ পৰা ৫২ হেজাৰ ২৪৬ টা তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছে । ইয়াৰ ভিতৰত ৫০ জনক সন্দেহজনক জাপানীজ এনকেফেলাইটিছ ৰোগ হ’ব পাৰে বুলি বিশেষভাৱে চিনাক্ত কৰি পৰীক্ষা কৰাৰ অন্তত ইয়াৰে চৈধ্যজন এই ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হয় ।

স্বাস্থ্য বিভাগে ইতিমধ্যে ৰোগ চিনাক্ত হোৱা অঞ্চলত ৩ হেজাৰ ৩২০ খন সজাগতা সভা অনুষ্ঠিত কৰিছে । তেনে অঞ্চলৰ ৩৯ খন গাঁৱক সামৰি ধোৱা দিয়া হৈছে । ঔষধিযুক্ত ১৯ হেজাৰ ১৭৫খন আঠুৱা বিতৰণ কৰা হৈছে । সজাগতাৰ অংশ হিচাপে ১০৯ খন গাঁৱক সামৰি অনুভাষ যন্ত্ৰৰে প্ৰচাৰ চলোৱা হৈছে । উল্লেখ্য যে, প্ৰতিষেধক টীকা দিয়াৰ পৰা সজাগতামূলক ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ পাচতো জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিল । বিশেষকৈ আক্ৰান্তসকলৰ অধিকাংশই হ’ল শিশু । লক্ষ্যণীয়ভাৱে প্ৰতিষেধক টীকা গ্ৰহণ কৰা শিশুও এই ৰোগত আক্ৰান্ত হৈছে । যাৰ বাবে সচেতন ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক :Assam Japanese encephalitis update:নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details