ETV Bharat / state

Assam Japanese encephalitis update:নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

author img

By

Published : Aug 2, 2023, 7:08 PM IST

Japanese encephalitis
জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ

নগাঁৱত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নগাঁৱত দুজনৰ মৃত্যু । একাংশৰ মাজত আতংক ।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ

নগাঁও, 2 আগষ্ট : নগাঁৱৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাক লৈ একাংশৰ মাজত সৃষ্টি হৈছে আতংকৰ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যেই নগাঁও জিলাৰ দুজনকৈ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নগাঁৱৰ ভিন্ন প্ৰান্তৰ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ পিচতেই উদ্বিগ্ন হৈ পৰিছে একাংশ লোক । জানিব পৰা মতে নগাঁৱৰ জুৰীয়াৰ দীঘলীআটি গাঁৱৰ ছফিকুল ইছলাম (৪০) নামৰ যুৱকজন আক্ৰান্ত হৈছিল জাপানীজ এনকেফেলাইটিছত । লগে লগে পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰায় যদিও ইতিমধ্যেই মৃত্যুক সাৱটি লয় দীঘলীআটি গাঁৱৰ ছফিকুল ইছলামে । উদীয়মান যুৱকজনৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

উল্লেখ্য যে, বাৰিষা অহাৰ লগে লগে অসমত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । আনহাতে, জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্য বিভাগে বৃহত্তৰ দীঘলীআটি অঞ্চলটোত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ইপিনে নগাঁৱৰ অন্যান্য প্ৰান্ততো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে । নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এজন যুৱকৰো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হয় । ৰূপহীহাটৰ গুনাবাৰী অঞ্চলৰ তৈবুৰ ইছলাম নামৰ যুৱকজন বিগত এটা সপ্তাহ পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল । পিচত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰি তেজ পৰীক্ষা কৰাত যুৱকজনৰ দেহত জাপানীজ এনকেফেলাইটিছৰ অৱস্থিতি লাভ কৰে চিকিৎসকে । কিন্তু চিকিৎসাধীন অৱস্থাতে ইতিমধ্যেই মৃত্যুমুখত পৰে ৰূপহীহাটৰ তৈবুৰ ইছলাম নামৰ যুৱকজন ।

এটা সপ্তাহৰ ভিতৰত জিলাখনৰ দুজনকৈ লোকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰে উক্ত অঞ্চল দুটাৰ লগতে অন্যান্য অঞ্চলতো আতংকৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত স্বাস্থ্য বিভাগে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : Japanese Encephalitis: অসমত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ ধাৰণ! পৰিত্ৰাণৰ উপায় জনালে GMCHৰ উপ অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.