ETV Bharat / sukhibhava

Japanese Encephalitis: অসমত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ ধাৰণ! পৰিত্ৰাণৰ উপায় জনালে GMCHৰ উপ অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মাই

author img

By

Published : Aug 1, 2023, 8:06 PM IST

Japanese Encephalitis
জাপানীজ এনকেফেলাইটিছ

ৰাজ্যত ৰাজ্যত ভয়াৱহ হাৰত জাপানীজ এনকেফেলাইটিছ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো ভৰ্তি বহুজন । জাপানীজ এনকেফেলাইটিছৰ সন্দৰ্ভত জনালে GMCH ৰ উপ অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মাই...

জাপানীজ এনকেফেলাইটিছ

বৰ্তমান ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ সংক্ৰমণ । এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২১ জন জাপানীজ এনকেফেলাইটিছত আক্রান্তৰোগীক ভৰ্ত্তি কৰা হৈছে । তাৰ ভিতৰত ১৪ জন ৰোগী বৰ্তমানো ভৰ্তি হৈ আছে । আনহাতে ৪ জন ৰোগীৰ মৃত্যু হৈছে । কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নহয় বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিখন হাস্পাতালত জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ কেনেকৈ হয় ?

জাপানীজ এনকেফেলাইটিছ হৈছে মহৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ । কিউলেক্স নামৰ এবিধ মহৰ দ্বাৰা এই ৰোগৰ সংক্ৰমণ হয় । জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভাইৰাছ সাধাৰণতে গাহৰি ,বগলী বিশেষকৈ কণামুচৰি চৰাইৰ দেহত এই প্ৰজাতিৰ মহে কামুৰি মানুহক কামুৰিলে এই ভাইৰাছৰ সংক্ৰমণ হয় । এই ৰোগ এজন মানুহৰ দেহত মহে কামোৰিলে আন এজন সেই মহে আকৌ আন এজন মানুহৰ দেহত কামুৰিলে এই ৰোগ নিবিয়পে । এই ৰোগৰ প্ৰধান লক্ষণ হৈছে অত্যন্ত জ্বৰ হয়, মিৰ্গীৰ ৰোগীৰ দৰে মূৰ্ছা যোৱা, ডিঙি টানি ধৰা, মানসিকস্থিতি সলনি হোৱা এই ৰোগৰ লক্ষণ । এই ৰোগৰ ভাইৰাছে ৰোগীৰ মগজুত আক্ৰমণ কৰে বাবে ইয়াক মগজুত হোৱা জ্বৰ বুলিও কোৱা হয় ।

এইৰোগৰ পৰা পৰিত্ৰাণৰ উপায় কি ?

১) এইৰোগৰ পৰা বচাবলৈ হলে ঘৰৰ ওচৰত পানী জমা হব দিব নালাগে । সেই পানীত মহে কণী পাৰিলে এই মহৰ বংশবৃদ্ধি হয় ।

২) ৰাতি শোৱাৰ সময়ত আঠুৱা ব্যৱহাৰ কৰিব লাগে ।

৩) সন্ধিয়া সময়ত ঘৰত ধূনা দিব লাগে ।

আনহাতে এই ৰোগ হ’লে ৰোগীগৰাকীক ওচৰৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাব লাগে ।

লগতে পঢ়ক: World Breastfeeding Week 2023: জন্মৰ পিছত প্ৰথম ছমাহৰ বাবে স্তন্যপান কৰোৱাটো কিয় প্ৰয়োজনীয় ?

লগতে পঢ়ক: Green Tea And Milk Tea Combination: গ্ৰীণ টী আৰু গাখীৰৰ চাহ একেলগে খোৱা উচিত নে ? এয়া স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.