অসম

assam

মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে

By

Published : Mar 18, 2021, 7:33 PM IST

একেটা দিনতে মনোনয়ন পত্ৰ দাখিল কৰিলে বিপিএফ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু ইউপিপিএলৰ যুৱ নেতা লৰেন্স ইছলাৰীয়ে । ৩০ নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দুয়ো গৰাকীয়ে প্ৰাৰ্থীয়ে । বৃহস্পতিবাৰে সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ হাতত মনোনয়ন দাখিল কৰে লৰেন্স ইছলাৰীয়ে ।

মনোনয়ন পত্ৰ দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে
মনোনয়ন পত্ৰ দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে

কোকৰাঝাৰ,১৮ মাৰ্চ: বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ইউপিপিএলৰ যুৱ নেতা লৰেন্স ইছলাৰীয়ে । সমাজ কল্যাণ মন্ত্ৰী তথা বিপিএফ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে জনজাতিৰ বাবে সংৰক্ষিত ৩০ নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ বাবে লৰেন্স ইছলাৰীয়ে মনোনয়ন দাখিল কৰে ৷

মনোনয়ন পত্ৰ দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে

মনোনয়ন পত্ৰ দাখিল কৰি প্ৰমিলাৰাণী ব্ৰহ্মৰ বিৰুদ্ধে তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে যুৱ নেতাগৰাকীয়ে । লগতে বিটিআৰত সমন্বয়, শান্তি আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাই মূল লক্ষ্য বুলি লৰেন্স ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

মনোনয়ন পত্ৰ দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে

বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডৰ পৰা সহস্ৰাধিক সমৰ্থক, বেণ্ডপাৰ্টি লৈ বিশাল সমদল উলিওৱা হয় ৷ ইছলাৰীয়ে সমৰ্থকৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ হাতত মনোনয়ন দাখিল কৰে ৷

মনোনয়ন পত্ৰ দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে

আনহাতে, মনোনয়ন দাখিলৰ পিছত লৰেন্স ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিগত ৩০ বছৰে বিধায়িকা, মন্ত্ৰী হৈ থকা প্ৰমিলাৰাণী ব্ৰহ্মই সমষ্টিটোৰ উন্নয়নত মুঠেও গুৰুত্ব প্ৰদান নকৰিলে আৰু ৰাইজৰ জলন্ত সমস্যাসমূহৰ এটাও সমাধান নকৰিলে ।

মনোনয়ন পত্ৰ দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে

সেয়ে, প্ৰমিলাৰাণী ব্ৰহ্মৰ পৰাজয় নিশ্চিত বুলি তেওঁ দাবী কৰে । এইবাৰ চৰকাৰ বিজেপি-অসম গণ পৰিষদ আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত লৰেন্স ইছলাৰীক সংগ দিয়ে ইউপিপিএলৰ উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, সম্পাদক ৰবিৰাম ব্ৰহ্ম, ৰাজু নাৰ্জাৰীসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ৷

লগতে পঢ়ক: আগন্তুক সময়ত ৰাজ্যলৈ সঘন সোঁত ব'ব মোডী, শ্বাহ আৰু নাড্ডাৰ

ABOUT THE AUTHOR

...view details