অসম

assam

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তিক সমৰ্থন প্ৰমোদ বড়োৰ

By

Published : Sep 16, 2022, 12:06 PM IST

আদিবাসী শান্তি চুক্তিক আদৰণি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ আদিবাসী শান্তি চুক্তিয়ে বড়োলেণ্ডত এশ শতাংশ শান্তি প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ (Pramod Boro Reaction on Scheduling of six tribes) ৷

Etv BharatPramod Boro Reaction on Scheduling of six tribes
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তিক সমৰ্থন প্ৰমোদ বড়োৰ

কোকৰাঝাৰ, ১৬ ছেপ্টেম্বৰ :কেন্দ্ৰীয় কেবিনেটে ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে (Scheduling of six tribes)৷ কিন্তু সেই তালিকাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী, তাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম ।

অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰাজ্যৰ বহু দল-সংগঠনসমূহে । ইয়াৰ মাজতে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে (Pramod Boro Reaction on Scheduling of six tribes) ৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তিক সমৰ্থন প্ৰমোদ বড়োৰ

যুদ্ববিৰত সশস্ত্ৰ আদিবাসী সংগঠনসমূহৰ নেতৃবৃন্দৰে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তিক বিটিআৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে আদৰণি জনাইছে ৷ আদিবাসী শান্তি চুক্তিক আদৰণি জনাই মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত কয়, ‘‘যিসকল আদিবাসী যুৱক-যুৱতীয়ে সশস্ত্ৰ সংগঠনত যোগদানৰ পিছত যুদ্ব বিৰতি ঘোষণাৰে অস্ত্ৰ-শস্ত্ৰ জমা দিও এক অনিশ্চিত ভৱিষ্যতক লৈ জীয়াই আছিল ৷

লগতে পঢ়ক :গৃহমন্ত্ৰী শ্বাহ-মুখ্য়মন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতিত 8 বিদ্রোহী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰ

সেইসকলে এতিয়াৰে পৰা সমাজৰ মূলসূঁতিলৈ ঘূৰি আহিব পাৰিব ৷ আদিবাসী শান্তি চুক্তিয়ে বড়োলেণ্ডত এশ শতাংশ শান্তি স্থাপনৰ লগতে অসমতো শান্তিৰ পৰিৱেশ বিৰাজ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে’’ ৷

আনহাতে, আলফা সম্পৰ্কে সাংবাদিকে সুধা এক প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়, ‘‘আলফাই কি উদ্দেশ্য লৈ মূলসুঁতিলৈ অৰ্থাৎ আলোচনাৰ মেজলৈ অহা নাই এইটো আমি নাজানো ৷ কিন্তু জংঘলত থাকি সমাজ সেৱা কৰিব নোৱাৰে ৷

মূলসূঁতি লৈ অহি সমাজৰ মাজত থাকিহে সমাজ সেৱা কৰিব লাগিব ৷ বৰ্তমানৰ সময়ত আমি জংঘলত থাকি আন্দোলন কৰি যদি কিবা এটা পাবলৈ বিচাৰিছো সেইটো কিমানদূৰ সম্ভৱ হ’ব আজিৰ সময়ত আমি কল্পনা কৰিব নোৱাৰো’’ ৷

লগতে তেওঁ কয়, ‘‘ভাৰতৰ সংবিধানেহে আমাক সুৰক্ষা প্ৰদান কৰিব ৷ গতিকে ভাৰতৰ সংবিধানৰ ওপৰত বিশ্বাস ৰাখি আমি আমাৰ অধিকাৰৰ বাবে কাম কৰিব লাগিব’’ ৷ আনপিনে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ সন্দৰ্ভত সাংবাদিকে সোধা আন এক প্ৰশ্নত্তোৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই জনজাতি কৰা নকৰাটো সংবিধান আৰু আয়োগহে কৰে বুলি মন্তব্য কৰি ইয়াৰ ওপৰত ব্যক্তিগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক :জনজাতিকৰণ: টিংখাঙত চোঁচৰালে মোদীৰ জুমুঠি

ABOUT THE AUTHOR

...view details