ETV Bharat / state

গৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ’ল 6 জনকৈ শ্ৰমিক - workers assaulted

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:58 PM IST

WORKERS ASSAULTED : মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাৱঁৰ ডেম্পত মাৰপিটৰ ঘটনা ৷ অভিযোগ অনুসৰি 6 জন শ্ৰমিকক উপৰ্যুপৰি প্ৰহাৰ কৰে ডেম্পৰ গৰাকীয়ে ৷

WORKERS ASSAULTED BY OWNER
6 জন শ্ৰমিকক উপৰ্যুপৰি প্ৰহাৰৰ অভিযোগ (ETV BHARAT ASSAM)

বঙাইগাঁও, 26 মে’ : বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাৱঁৰ ডেম্পত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ পুৰণা লোহা-টিনৰ ডেম্পৰ দোকানখনত নিশা শ্ৰমিকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি 6 জন শ্ৰমিকক উপৰ্যুপৰি প্ৰহাৰ কৰে ডেম্পৰ মালিক পক্ষই ৷

মাণিকপুৰৰ নোৱাগাৱঁৰ ডেম্পত সংঘটিত হৈছে মাৰপিটৰ ঘটনা (ETV BHARAT ASSAM)

জানিব পৰা মতে 6 জন শ্ৰমিকে উৎকট গৰমৰ মাজতো গোটেই দিনটো নোখোৱাকৈ এখন ট্ৰাকত মাল ভৰ্তি কৰি আছিল ৷ সন্ধিয়াৰ পিচতেই শ্ৰমিক কেইজনে কাম সামৰিব বুলি কোৱাত ডেম্পৰ দুজনকৈ মালিক জাহিদুল ইছলাম আৰু নুৰুল আমিন আৰু তেওঁলোকৰ সম্পৰ্কীয় কেবাজনো লোকে মিলি শ্ৰমিক কেইজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ডেম্পৰ মালিক জাহিদুল ইছলাম আৰু নুৰুল আমিনে ডেম্পত থকা লোৰ ৰডেৰে প্ৰহাৰ কৰাত ৰুহুল আমিন নামৰ শ্ৰমিকজনৰ মূৰ ফাটি যায় আৰু বাকী কেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

এই ঘটনাক লৈ স্থানীয় ৰাইজ খৰ্গহস্ত হৈ পৰে ৷ স্থানীয় ৰাইজে শ্ৰমিক কেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰি মাণিকপুৰ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ডেম্পৰ মালিক কেইজন পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ডেম্পৰ মালিক জাহিদুল ইছলাম আৰু নুৰুল আমিন কিছুদিন পূৰ্বে ই-ৰিক্সা চুৰিৰ গোচৰত অভিযুক্ত হৈ জেললৈ যাবলগা হৈছিল ৷ ডেম্পত সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে অভিযুক্ত জাহিদুল ইছলাম আৰু নুৰুল আমিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ নিচামুক্তি কেন্দ্ৰত কি চলিছে ? ভুক্তভোগীৰ বিস্ফোৰক অভিযোগ - Rehabilitation Cente In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.