অসম

assam

কোকৰাঝাৰত ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

By

Published : Aug 13, 2021, 12:21 PM IST

Updated : Aug 13, 2021, 12:45 PM IST

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান । এই অনুষ্ঠানত উপস্থিত থাকে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(Pramod Bodo)ৰ লগতে আন কেইবাগৰাকীও কাৰ্যবাহী সদস্য । দুৰ্নীতি নোহোৱাকৈ মেধাৰ ভিত্তিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।

BTR Chief handed over appointment letter to 240 teachers who cleared Tet
কোকৰাঝাৰত ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

কোকৰাঝাৰ, ১২ আগষ্ট: বি টি আৰৰ চাৰিওখনত জিলাত মুঠ ৮৫১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ উদ্দেশ্যৰে বৃহস্পতিবাৰৰ পৰা নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ১৪৪ গৰাকী আৰু চিৰাং জিলাৰ ৯৬ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Bodo) আৰু আন কাৰ্যবাহী সদস্য সকলে ৷ আনহাতে, নিযুক্তি পত্ৰ বিতৰণৰ পিছত বি টি আৰৰ (BTR) শিক্ষা বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, বি টি আৰৰ বড়ো, অসমীয়া, হিন্দী, বঙালী আদি বিভিন্ন মাধ্যমৰ বিদ্যালয়বোৰত শিক্ষকৰ সংখ্যা পৰ্যাপ্ত নহয় আৰু সেই বাবে শিক্ষাদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে ৷ সেয়ে শিক্ষক নিযুক্তিৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷

কোকৰাঝাৰত ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ইয়াৰ উপৰিও ধনৰ লেনদেন নোহোৱাকৈ নিকাভাৱে মেধাৰ ভিত্তিত এই শিক্ষক-শিক্ষয়িত্ৰীসকলক নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ বি টি আৰৰ বিদ্যালয়বোৰ শিক্ষাগত অৰ্হতা সম্পন্ন শিক্ষক লাগে আৰু শিক্ষা বিভাগটো দুৰ্নীতি মুক্ত হ'ব লাগে বুলিও কয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, বিগত সময়ছোৱাত ৰাজ্যখনত শিক্ষক নিযুক্তি আৰু বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি হৈছিল ৷ কিন্তু যোৱা পাঁচটা বছৰত সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমান ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি নোহোৱা হৈছে । বি টি আৰতো নতুন চৰকাৰ শাসনলৈ অহাৰ পিছত উৎকোচ নোলোৱাকৈ সকলো প্ৰাপ্য প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যসূচী আৰম্ভ হৈছে আৰু আগলৈও এনেদৰে নিযুক্তি দিয়া হ'ব বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে ৷

ইফালে, বিটিআৰৰ শিক্ষা সঞ্চালক জ্যোতি প্ৰসাদ ব্ৰহ্মই জনোৱা মতে, শুকুৰবাৰে বাক্সা জিলাৰ ৪২০ গৰাকী প্ৰাৰ্থীক আৰু শনিবাৰে ওদালগুৰি জিলাৰ ১৯১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক একে প্ৰক্ৰিয়াৰে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ৷ আনহাতে, নিকাভাৱে নিযুক্তি প্ৰদান কৰাৰ বাবে নিযুক্তি লাভ কৰা নৱ-নিযুক্ত শিক্ষক-শিক্ষয়িত্ৰীসকলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:কাহিকুছিত কাঠফুলা উৎপাদন বিষয়ক কৰ্মশালা

Last Updated :Aug 13, 2021, 12:45 PM IST

ABOUT THE AUTHOR

...view details