ETV Bharat / state

কাহিকুছিত কাঠফুলা উৎপাদন বিষয়ক কৰ্মশালা

author img

By

Published : Aug 13, 2021, 10:46 AM IST

কামৰূপৰ কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কাঠফুলা(Mushroom) উৎপাদন বিষয়ক কৰ্মশালাৰ আয়োজন । দুদিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালা অনুষ্ঠিত কৰা হয় । শীতকালীন আৰু গ্ৰীষ্মকালীন কাঠফুলা, মিল্কী কাঠফুলা, বটন কাঠফুলা আদি বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ খেতি লাভজনক কৰি তোলাৰ কৌশল, বিপণন আদিৰ বিষয়ে কৰ্মশালাত শিকোৱা হয় ।

Training on Mushroom cultivation
কাহিকুছিত কাঠফুলা উৎপাদন বিষয়ক প্ৰশিক্ষণ শিবিৰ

ছয়গাঁও, ১৩ আগষ্ট : বৰ্তমান বহু নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ বাবে আশা কৰি ঘৰতে বহি নাথাকি কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা দেখা গৈছে । এই যুৱক-যুৱতীসকলে নিজৰ উপাৰ্জনৰ পথ বাচি লোৱাৰ লগতে আনকো কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । কিন্তু এই উদ্যমী যুৱক-যুৱতীসকলে কৃষিকৰ্মৰ জৰিয়তে আগবাঢ়ি যোৱাৰ বাবে কৃষিৰ সঠিক পদ্ধতি জনাটো প্ৰয়োজন । কি খেতি বছৰৰ কোন সময়ত কৰিলে লাভৱান হব পাৰি অথবা শস্য ভেদে কেনে ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা উচিত সেই বিষয়ে অৱগত হোৱা দৰকাৰ ।

সেয়ে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কামৰূপৰ কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত দুদিনীয়াকৈ এখন কৰ্মশালাৰ আয়োজন কৰা হয় । যোৱা ১০ আগষ্টত আৰম্ভ হোৱা কাঠফুলা(Mushroom) উৎপাদন বিষয়ক কৰ্মশালাৰ অন্ত পৰে ১১ আগষ্টত । কেন্দ্ৰটোৰ কৃষি বিজ্ঞানী ড০ মধুস্মিতা কটকী শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত উক্ত কৰ্মশালাত কামৰূপ জিলাৰ বহু সংখ্যক উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ।

Training on Mushroom cultivation
কাহিকুছিত কাঠফুলা উৎপাদন বিষয়ক প্ৰশিক্ষণ শিবিৰ

বছৰৰ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ খেতি কৰা হয় । শীতকালীন আৰু গ্ৰীষ্মকালীন কাঠফুলা, মিল্কী কাঠফুলা, বটন কাঠফুলা আদি উৎপাদন কৰাৰ পদ্ধতিৰ বিষয়ে কৰ্মশালাখনত শিকোৱা হয় ।

লগতে বিপণন তথা অৰ্থনৈতিক লাভালাভ আদিৰ বিষয়েও বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয় এই কৰ্মশালাত । কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত অসমকে ধৰি তিনিখন ৰাজ্যৰ কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ এ.কে.ত্ৰিপাঠীয়ে প্ৰশিক্ষাৰ্থীসকলক কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে উদগনি যোগায় ।

লগতে কেন্দ্ৰটোৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই ব্যৱসায়িক ভিত্তিত কাঠফুলা খেতিৰ কৰাৰ বিষয়েও বক্তব্য আগবঢ়ায় । এই কৰ্মশালা শিক্ষিত যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ দিশত নিশ্চিতভাৱে এখোজ আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি উল্লেখ কৰে ড০ মধুস্মিতা কটকী শৰ্মাই । ক'ভিড প্ৰট’কল মানি এই কৰ্মশালাৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে ।

লগতে পঢ়ক:চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.