অসম

assam

বৰাকত অসমীয়া ভাষাক অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

By

Published : Oct 21, 2021, 10:24 PM IST

বৰাক উপত্যকাত শেহতীয়াকৈ অসমীয়া ভাষাৰ বেনাৰত কলা ৰং সনা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কলা ৰং সনা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে যাদৱ শৰ্মাই ৷

Yadav Sharma reacts on Assamese language insult in Barak
বৰাকত অসমীয়া ভাষাক অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

ৰঙিয়া, 21 অক্টোবৰ :বৰাক উপত্যকাত শেহতীয়াকৈ অসমীয়া ভাষাৰ বেনাৰত কলা ৰং সনা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কলা ৰং সনা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে যাদৱ শৰ্মাই ৷

অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা । এই ভাষাৰ প্ৰসাৰৰ বাবে চৰকাৰ দায়বদ্ধ । আনহাতে অসম সাহিত্য সভা জাতীয় এটা অনুষ্ঠান । ই কেৱল অসমীয়া ভাষাৰে নহয়, প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত দায়বদ্ধ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে শৰ্মাই ৷

বৰাকত অসমীয়া ভাষাক অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

শেহতীয়াকৈ যি কেইটা সংগঠনে এনে গৰ্হিত কাম কৰিছে, অনাগত দিনত তেওঁলোকক এনে কাৰ্যৰ পৰা আঁতৰি থকাৰ বাবে সকীয়াই দিয়ে শৰ্মাই । ইফালে এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ পৰৱৰ্তী স্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সম্পাদক গৰাকীয়ে কয়, ৰাজ্য ভাষাক যদিহে দুষ্কৃতিকাৰীয়ে অপমান কৰি থাকে, তেন্তে তদাৰক সমিতি গঠন কৰি সিদ্ধান্ত লোৱা হ'ব ।

এই সন্দৰ্ভত কোনো ধৰণৰ ধৰ্ণাৰ কাৰ্যসূচী গ্ৰহণৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ জৰিয়তে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব বুলি উল্লেখ কৰে যাদৱ শৰ্মাই । ইতিমধ্যে বৰাকৰ একাংশ অসমীয়া ভাষা বিদ্বেষী লোকে অসম সাহিত্য সভাৰ মাজত বিভাজন অনাৰ চেষ্টা কৰি আছে বুলি যাদৱ শৰ্মাই অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:হাগ্ৰামা মহিলাৰীক আদৰণি জনাই ফনিধৰৰ হৈ প্ৰচাৰ চলালে দিলীপ শইকীয়াই

ABOUT THE AUTHOR

...view details