অসম

assam

Orunodoi card distribution : কমলপুৰত অৰুণোদয় কাৰ্ড বিতৰণ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:56 AM IST

বৃহস্পতিবাৰে কামৰূপ জিলাৰ কমলপুৰত অৰুণোদয় কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ এই কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

DISTRIBUTION OF Orunodoi card TO BENEFICIARIES IN KAMALPUR
কমলপুৰত অৰুণোদয় কাৰ্ড বিতৰণ

কমলপুৰত অৰুণোদয় কাৰ্ড বিতৰণ

বাইহাটা, 13 অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে কামৰূপ জিলাৰ কমলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত অৰুণোদয় 2.0 ৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ কৰা হয় ৷ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

অধিক সংখ্যক দুখীয়া লোকক অন্তৰ্ভুক্তিৰ কাৰণে গ্ৰহণ কৰা অৰুণোদয় আঁচনিখনৰ সম্প্ৰসাৰিত ৰূপ অৰুণোদয় 2.0 ৰ অধীনত বৃহস্পতিবাৰে জালুকবাৰী, হাজো, কমলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰায় 30,470 গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় 2.0 কাৰ্ড বিতৰণ কৰে ।

অনুষ্ঠানত জালুকবাৰী সমষ্টিৰ 8447 গৰাকী, হাজো সমষ্টিৰ 6042 গৰাকী, কমলপুৰ সমষ্টিৰ 5260 গৰাকী আৰু ৰঙিয়া সমষ্টিৰ 10,721 গৰাকী হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে এই কাৰ্ড । জিলাখনৰ দক্ষিণ পাৰৰ সমষ্টিকেইটাত বুধবাৰে অৰুণোদয় 2.0 আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰাৰ লগতে কাৰ্ড বিতৰণ কৰা হয় ।

এই অৰুণোদয় 2.0 কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভণী কৰি অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰৰ ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস” নীতি সাৰোগত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ দুখীয়া তথা আই মাতৃসকলৰ বাবে অৰুণোদয় 2.0 আঁচনি সম্প্ৰসাৰণেৰে প্ৰত্যক্ষভাৱে আৰ্থিক লাভালাভ হস্তান্তৰৰ দ্বাৰা মহিলা সবলীকৰণৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে ৰাজ্যৰ মহিলাসকলক শক্তিশালী কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । অৰুণোদয় অভিলাষী আঁচনিখন সম্প্ৰতি মহিলা সবলীকৰণ আৰু সামাজিক সুৰক্ষা নিশ্চিতকৰণৰ দিশত দেশৰ ভিতৰতে একক আৰু জনহিতদৰ্শী আঁচনি হিচাপে বিবেচিত হৈছে আৰু ইয়ে মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপায়িত কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে ব্যক্ত কৰে ।

অৰুণোদয় 2.0 আঁচনিৰ সম্প্ৰসাৰণৰ জৰিয়তে কামৰূপ জিলাত প্ৰায় 53 হেজাৰ গৰাকী হিতাধিকাৰী উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে । এই আঁচনিৰ ধনৰাশি 1250 টকাকৈ প্ৰত্যেক মাহৰ 10 তাৰিখে বেংক একাউণ্টযোগে প্ৰত্যক্ষভাৱে আগবঢ়োৱা হ’ব । আঁচনিখনে সমাজৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক মৰ্য্যাদাপূৰ্ণ জীৱন যাপন নিশ্চিত কৰি অসমৰ আৰ্থ-সামাজিক দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে ।

অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে বিজেপিৰ কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক:Bicycle Distributions: নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details